গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য : কিশোৰী ধৰ্ষণকাৰী আটক
গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য :কিশোৰী ধৰ্ষণকাৰী আটক ।
গৰৈমাৰী আৰক্ষীৰ বৃহৎ সাফল্য : কিশোৰী ধৰ্ষণকাৰী আটক


কামৰূপ, ১১ অক্টোবৰ (হি.স.): দক্ষিণ কামৰূপৰ গৰৈমাৰী আৰক্ষীয়ে নিৰ্যাতনকাৰীৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য। এক শ্বাসৰুদ্ধকৰ অভিযানত গ্ৰেপ্তাৰ হ'ল কিশোৰী ধৰ্ষণকাৰী।

উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ মাজৰ চৰাঞ্চলত গৰৈমাৰী আৰক্ষী থানাৰ অ চি নবজিত ডেকাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে দুদিন ধৰি যন্ত্ৰচালিত নাওৱেৰে অভিযান চলাই গ্ৰেপ্তাৰ কৰে নাবালিকা ধৰ্ষণকাৰী আক্ৰাম আলিক। লম্পট আক্ৰাম আলীয়ে এগৰাকী হিন্দু কিশোৰীক অপকৰ্ম কৰি আৰক্ষীৰ ভয়ত পলাই গৈছিল আত্মগোপন কৰি আছিল শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত বাতাহিদিয়া চৰত। গৰৈমাৰী আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি যোৱা নিশা লম্পট অক্ৰাম আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

লম্পট আক্ৰাম অলীক গৰৈমাৰী আৰক্ষীৰ জিম্মাত ৰাখি জেৰা চলাই আছে। উল্লেখ্য যে ঋষি উপাধিৰ কিশোৰী এগৰাকীক বন কৰা ছোৱালী হিচাপে কামত নিয়োজিত কৰি লম্পট অক্ৰাম আলিয়ে চলাই গৈছিল যৌন আতিশয্য। ফলত কিশোৰী গৰাকীয়ে চাৰিমহীয়া অন্তঃসত্তা হৈ পৰে। কিশোৰী গৰাকীৰ লগত সংঘটিত হোৱা ঘটনা প্ৰকাশ পোৱাৰ লগে লগে গঞা ৰাইজৰ মাজৰ সৃষ্টি হয় ব্যপক প্ৰতিক্ৰিয়া। তাৰ পিছতেই কিশোৰী গৰাকীৰ পৰিয়ালে গৰৈমাৰী আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। উক্ত এজাহাৰৰ ভিত্তিত গৰৈমাৰী আৰক্ষীয়ে ভাৰতীয় আইন সংহিতাৰ 64(2)( F)/3(5) of BNSR/W 6 OF POCSO আইনৰ অধীনত 90/25 নম্বৰত গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande