বাক্সাৰ ৰাঙাপানীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক
বাক্সা, ১১ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ ৰাঙাপানীত যোৱাকালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বুলেট আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বুলেট আৰোহীসহ দুজন যুৱক। নিহত যুৱক দুজন ৰাঙাপানীৰ মিৰাজ বসুমতাৰী (২৩) আৰু
বাক্সাৰ ৰাঙাপানীত নিশা ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন যুৱক


বাক্সা, ১১ অক্টোবৰ (হি.স.)। বাক্সা জিলাৰ ৰাঙাপানীত যোৱাকালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বুলেট আৰু চাৰিচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় বুলেট আৰোহীসহ দুজন যুৱক। নিহত যুৱক দুজন ৰাঙাপানীৰ মিৰাজ বসুমতাৰী (২৩) আৰু পূৱ কামাৰদৈচাৰ বিৰফুং ব্ৰহ্ম (২২)বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, নিহত যুৱক দুজনৰ বিৰফুং ব্ৰহ্ম কোকৰাঝাৰ চৰকাৰী কলেজৰ ছাত্ৰ আছিল আৰু মিৰাজ বসুমতাৰী চুলি কটা নাপিত। দুয়োজনে নিশা বাক্সাৰ শিমলাত লক্ষ্মী পূজা চাবলৈ আহি থকাৰ বাটতেই সংঘটিত হয় দুৰ্ঘটনা। নিশাই ঘটনাস্থলীত শিমলা আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰে।

উল্লেখ্য যে উক্ত স্থানতেই পূৰ্বতে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল। ইফালে নিহত যুৱক দুজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলাৰ সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে। যুৱক দুজনৰ অকাল মৃত্যুত নিজ বাসগৃহৰ লগতে সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande