চুডানত সংঘটিত আক্ৰমণত ৬০ জন নিহত
খাৰ্টুম, ১১ অক্টোবৰ (হি.স.)। চুডানৰ উত্তৰ দাৰফুৰ অঞ্চলৰ আল-ফাছিৰ চহৰত ড্ৰ’ন আৰু গধুৰ অস্ত্ৰৰে চলোৱা আক্ৰমণত কমেও ৬০ জন লোক নিহত হৈছে। আল-ফাছিৰ প্ৰতিৰোধ সমিতিৰ কৰ্মীসকলে শনিবাৰে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণৰ মূল লক্ষ্য হৈছে স্থানচ্যুত লোকৰ কেন্দ্ৰ
सूडान


খাৰ্টুম, ১১ অক্টোবৰ (হি.স.)। চুডানৰ উত্তৰ দাৰফুৰ অঞ্চলৰ আল-ফাছিৰ চহৰত ড্ৰ’ন আৰু গধুৰ অস্ত্ৰৰে চলোৱা আক্ৰমণত কমেও ৬০ জন লোক নিহত হৈছে।

আল-ফাছিৰ প্ৰতিৰোধ সমিতিৰ কৰ্মীসকলে শনিবাৰে প্ৰকাশ কৰা অনুসৰি এই আক্ৰমণৰ মূল লক্ষ্য হৈছে স্থানচ্যুত লোকৰ কেন্দ্ৰ আৰু বিশ্ববিদ্যালয় চৌহদ। শিশু আৰু মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে বহু লোক গুৰুতৰভাৱে জ্বলি অগ্নিদগ্ধ হয়।

কমিটীয়ে এই ঘটনাক হত্যাকাণ্ড বুলি অভিহিত কৰি আন্তঃৰাষ্ট্ৰীয় হস্তক্ষেপৰ দাবী জনায়। কমিটীৰ মতে, শুকুৰবাৰে নিশা আৰু শনিবাৰে পুৱা দুবাৰকৈ আক্ৰমণ সংঘটিত হয়, য’ত ড্ৰ’ন আৰু কামানেৰে নিৰন্তৰ গোলা বৰ্ষণ কৰিছিল। ইফালে ৰেপিড ষ্ট্ৰাইক ফৰ্চে (আৰ এছ এফ) দাবী কৰিছে যে তেওঁলোকে চহৰখন দখল কৰিব বিচাৰিছে।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ৰ তথ্য অনুসৰি ৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰৰ ভিতৰত আল-ফাছিৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত সংঘটিত আক্ৰমণত কমেও ৫৩ জন সাধাৰণ নাগৰিক নিহত হৈছে। এই আক্ৰমণ সন্দৰ্ভত আৰ এছ এফৰ পৰা কোনো মন্তব্য কৰা হোৱা নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande