বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা কৰ্মী সন্মিলন
বৰপেটা, ১১ অক্টোবৰ (হি.স.)। বজালী স্বাস্থ্য সমিতিৰ উদ্যোগত পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি জিলা খনৰ আশা কৰ্মী সকলৰ সজাগতাৰ বাবে আশা কৰ্মী সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সন্মিলনত উপস্থিত বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উৰ্মী মেধি ।স্বাস্থ
বজালী জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আশা কৰ্মী সন্মিলন


বৰপেটা, ১১ অক্টোবৰ (হি.স.)। বজালী স্বাস্থ্য সমিতিৰ উদ্যোগত পাটাছাৰকুছি নিৰ্মল হালৈ মহাবিদ্যালয়ত আজি জিলা খনৰ আশা কৰ্মী সকলৰ সজাগতাৰ বাবে আশা কৰ্মী সন্মিলন অনুষ্ঠিত কৰা হয়। উক্ত সন্মিলনত উপস্থিত বজালী জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত উৰ্মী মেধি ।স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয় ভূমিকাই মাতৃ আৰু শিশুৰ স্বাস্থ্য উন্নত কৰা, প্রাতিষ্ঠানিক প্ৰসৱক উৎসাহিত কৰা আৰু পৰিপুষ্টি সম্পৰ্কীয় প্ৰত্যাহ্বান সমূহৰ মোকাবিলা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আশা কৰ্মী সকলে।

বজালী জিলাৰ সংবাদ বিশেষজ্ঞ মনজ্যোৎস্না শৰ্মাই আঁত ধৰা সভাখনত পাঠশালা পৌৰসভাৰ পৌৰপতি জ্বলি চৌধুৰী,বজালী জিলা পৰিষদৰ অধ্যক্ষ মীনাক্ষী দাস, নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকা, নিত্যানন্দ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ চক্ৰপাণি শৰ্মা , ভবানিপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ দেৱজিৎ চৌধুৰী, ভাৰপ্ৰাপ্ত আঁচনি প্ৰবন্ধক হিমাদ্ৰি দাসৰ লগতে জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আশা বাইদেউ সকল আৰু স্বাস্থ্য কৰ্মী সকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande