কামপুৰ কচুৱাত উচ্ছেদৰ বাবে সাজু প্ৰশাসন
নগাঁও, ১১ অক্টোবৰ (হি.স.)। কামপুৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বসবাস কৰা লোকসকলৰ ঘৰে ঘৰে গৈ উচ্ছদৰ জাননী প্ৰেৰণ কৰিছে বন বিভাগে ৷ বছৰ বছৰ ধৰি লুটুমাৰী সংৰক্ষিত বনাঞ্চলত নিজকে ভূমিহীন বুলি দাবী কৰা একাংশ লোকে বেদখল কৰি বসবাস কৰি আহিছে
কামপুৰ কচুৱাত উচ্ছেদৰ বাবে সাজু প্ৰশাসন


নগাঁও, ১১ অক্টোবৰ (হি.স.)। কামপুৰ কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলত অবৈধ ভাবে বসবাস কৰা লোকসকলৰ ঘৰে ঘৰে গৈ উচ্ছদৰ জাননী প্ৰেৰণ কৰিছে বন বিভাগে ৷ বছৰ বছৰ ধৰি লুটুমাৰী সংৰক্ষিত বনাঞ্চলত নিজকে ভূমিহীন বুলি দাবী কৰা একাংশ লোকে বেদখল কৰি বসবাস কৰি আহিছে ৷ শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ নিৰ্দ্দেশ অনুসৰি বনাঞ্চলৰ ভূমি উচ্ছেদ কৰিবলৈ বন বিভাগে জাননী প্ৰেৰণ কৰিছে ৷

১৫ দিনৰ ভিতৰত নিজৰ ঘৰ দুৱাৰ ভাঙি চৰকাৰী ভূমি খালি নকৰিলে উচ্ছেদ চলাব ৰাজ্য চৰকাৰে ৷ আনহাতে বেদখলকাৰী সকলে উচ্ছেদক সমৰ্থন কৰিছে যদিও অন্য স্থানত তেওঁলোকক সংস্থাপন দিবলৈ চৰকাৰক দাবী জনাইছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande