লক্ষীমপুৰ, ১১ অক্টোবৰ (হি.স.)। নাওবৈচাত জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ সম্পন্ন। লখিমপুৰৰ নাওবৈচাবাসী ৰাইজৰ উদ্যোগত শণিবাৰে গানৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰি শ্ৰদ্ধা নিবেদন কৰা হৈছে ৷ এই উপলক্ষে পুৱা অসমীয়াৰ প্ৰাণৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে ৷
ৰঙানদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই ৰঙানদীত অহা ১৮ নৱেম্বৰত জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয় আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে ৷ নাম কীৰ্ত্তন ,ভাগৱত পাঠ,মায়াবিনী গীত পৰিৱেশন আদি কাৰ্যসুচীৰে প্ৰিয় শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা