মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ বাসভৱনত এআইইউডিএফ দলৰ কৰ্মী সভা
মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ বাসভৱনত এআইইউডিএফ দলৰ কৰ্মী সভা:
মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ বাসভৱনত এআইইউডিএফ দলৰ কৰ্মী সভা


দক্ষিণ শালমাৰা মানকাচৰ, ১১ অক্টোবৰ (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ বাসভৱনত যোৱা কালি শুকুৰবাৰে বিয়লি জিলা এআইইউডিএফ দলৰ এখন কৰ্মী সভা অনুষ্ঠিত হয়। সভা খনত জিলা খনৰ প্ৰতিটো প্ৰান্তৰ পৰা এআইইউডিএফ দলৰ কৰ্মী সকলে উপস্থিত হয় আৰু দলীয় কাৰ্যকৰ্তা সকলৰ লগত মত বিনিময় কৰে আৰু আগন্তুক বিধানসভা নিৰ্বাচন সম্পৰ্কে আলোচনা বিলোচনা কৰে। এআইইউডিএফ দলক শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ ৰণ কৌশল প্ৰস্তুত কৰে বুলি বিধায়ক জনে জানিবলৈ দিয়ে।

আগন্তুক বিধানসভা নিৰ্বাচনত বিধায়ক জনে এআইইউডিএফ দলৰ পৰা টিকট বিচাৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। বিধায়ক জনে কেবাজনো দক্ষ এআইইউডিএফ কৰ্মীক জিলা পৰ্যায়ৰ বিভিন্ন পদবীলৈ পদোন্নতি ঘোষণা কৰে আৰু এআইইউডিএফ দলৰ ভেটি মজবুত কৰিবলৈ বিভিন্ন ধৰণৰ কলা কৌশল অৱলম্বন কৰিব বুলি জানিবলৈ দিয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande