গৌৰীপুৰত ১৪ টাকৈ চোৰাং উট জব্দ
ধুবুৰী, ১১ অক্টোবৰ (হি.স.)। গৌৰীপুৰত ১৪ টাকৈ চোৰাং উট জব্দ। গৌৰীপুৰৰ চাৰালডাঙা এমবিচি ইটাভাটাৰ পৰা জব্দ ১৪ টা উট। গৌৰীপুৰত ১৪ টাকৈ উট জব্দ। বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ চোৰাং উট কেইটা বহি ৰাজ্য়ৰ পৰা সৰবৰাহ কৰিবলৈ লোৱাৰ সন্দেহ। ঘটনাৰ সৈতে জড়িত এজনক আ
গৌৰীপুৰত ১৪ টাকৈ চোৰাং উট জব্দ


ধুবুৰী, ১১ অক্টোবৰ (হি.স.)। গৌৰীপুৰত ১৪ টাকৈ চোৰাং উট জব্দ। গৌৰীপুৰৰ চাৰালডাঙা এমবিচি ইটাভাটাৰ পৰা জব্দ ১৪ টা উট। গৌৰীপুৰত ১৪ টাকৈ উট জব্দ। বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ চোৰাং উট কেইটা বহি ৰাজ্য়ৰ পৰা সৰবৰাহ কৰিবলৈ লোৱাৰ সন্দেহ। ঘটনাৰ সৈতে জড়িত এজনক আটক গৌৰীপুৰ আৰক্ষীৰ। ধৃত আটকাধীন শিলাইৰপাৰ গাঁৱৰ স্বহিদুৰ ৰহমান। গৌৰীপুৰত ১৪ টাকৈ উট জব্দ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

গৌৰীপুৰৰ চাৰালডাঙাৰ এমবিচি এটা ইটাভাটাৰ চৌহদত ট্ৰাকৰ পৰা উট কেইটা নমোৱাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে গৌৰীপুৰ আৰক্ষীক।

আৰক্ষী অহাৰ উমান পাই ট্ৰাকৰ চালক আৰু চোৰাং উট সৰৱৰাহকাৰীৰ দলটো উট আৰু ট্ৰাক খন এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। যদিও ঘটনা সন্দৰ্ভত স্বহিদুৰ ৰহমান নামৰ এজনক আটক কৰি থানালৈ নিয়ে।

আটকাধীন সহিদুৰ ৰহমানৰ শীকাৰোক্তি অনুসৰি ধুবুৰীৰ ফলিমাৰীৰ জাবেদ এ উট সৰবৰাহৰ মূল খলনায়ক বুলি দাবী কৰে। অভিযোগ অনুসৰি চাৰালডাঙা অঞ্চলৰ পৰা আলমগঞ্জ হৈ চৰ অঞ্চলেৰে বাংলাদেশলৈ প্ৰেৰন কৰিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ সৰবৰাহকাৰীৰ বিৰুদ্ধে। জব্দকৃত ট্ৰাক খনৰ নম্বৰ হৈছে ইউপি ১৭বিটি ৫৭১৯।গৌৰীপুৰ আৰক্ষীয়ে ট্ৰাক আৰু উট জব্দ কৰি আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande