ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোলৈ শান্তিৰ নোবেল বঁটা
ষ্টকহোম, ১০ অক্টোবৰ (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডো চলিত ২০২৫ চনৰ শান্তি নোবেল বঁটাৰ বাবে নিৰ্বাচিত হৈছে । শুকুৰবাৰে ছুইডেনৰ ৰাজধানী ষ্টকহ’মত এই কথা ঘোষণা কৰে নোবেল কমিটীয়ে। ভেনিজুৱেলাৰ প্ৰাক্তন সংসদ সদস্য ৫৬ বছৰীয়
कोरिना माचाडो


ষ্টকহোম, ১০ অক্টোবৰ (হি.স.)। দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডো চলিত ২০২৫ চনৰ শান্তি নোবেল বঁটাৰ বাবে নিৰ্বাচিত হৈছে । শুকুৰবাৰে ছুইডেনৰ ৰাজধানী ষ্টকহ’মত এই কথা ঘোষণা কৰে নোবেল কমিটীয়ে।

ভেনিজুৱেলাৰ প্ৰাক্তন সংসদ সদস্য ৫৬ বছৰীয়া মাচাডোৱে নিজৰ দেশৰ জনসাধাৰণৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰ আৰু একনায়কত্ববাদৰ বিৰুদ্ধে ন্যায়সংগত আৰু শান্তিপূৰ্ণ যুঁজ দিয়াৰ বাবে এই সন্মান লাভ কৰিব। অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব। এই বঁটাত ১ কোটি ১০ লাখ ছুইডিছ ক্ৰ’না (প্ৰায় ৯৬ কোটি টকা) আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰা হ’ব।

নোবেল কমিটীৰ সভাপতি জৰ্জেন ৱাটনে ফ্ৰিডনেছে কয় যে, “শান্তি বঁটা এজন সাহসী আৰু নিষ্ঠাবান শান্তি চেম্পিয়নৰ হাতলৈ যায়, আৰু মাচাডো এগৰাকী মহিলা যিয়ে ক্ৰমাৎ বৃদ্ধি পোৱা আন্ধাৰৰ সন্মুখত গণতন্ত্ৰৰ শিখা জ্বলাই ৰাখে।”

মাচাডোৱে ভেনিজুৱেলাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ একনায়কত্ববাদৰ বিৰুদ্ধে অহিংস সংগ্ৰামৰ নেতৃত্ব দিছিল। ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিগিঙৰ অভিযোগৰ পিছত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মাদুৰো চৰকাৰক নিন্দা কৰিছিল, যাৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

বঁটা ঘোষণাৰ পিছত মাচাডোৱে ভিডিঅ’ বাৰ্তাযোগে কয় যে, এই বঁটা মোৰ সংগ্ৰামৰ স্বীকৃতি নহয়, বৰঞ্চ লাখ লাখ ভেনিজুৱেলাৰ অধ্যৱসায়ৰ প্ৰতীক। আমি শান্তি আৰু ন্যায় বিচাৰো।

আন্তঃৰাষ্ট্ৰীয় সমাজে তেওঁক এই বঁটাৰ বাবে প্ৰশংসা কৰাৰ বিপৰীতে মাদুৰো চৰকাৰে ইয়াক এক প্ৰকাৰৰ ৰাজনৈতিক হস্তক্ষেপ বুলি অভিহিত কৰিছে।

১৯৬৮ চনত ভেনিজুৱেলাৰ বাৰ্কিচিমেট’ৰ এটা ধনী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল মাচাডোৰ। চেণ্ট্ৰেল ভেনিজুৱেলা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০০ চনত ৰাজনীতিত প্ৰৱেশ কৰি মাচাডোৱে গণতন্ত্ৰ, মানৱ অধিকাৰ আৰু অৰ্থনৈতিক সংস্কাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভলুন্টাডা এনৰিডা দল প্ৰতিষ্ঠা কৰে। ২০১৫-২০২০ চনলৈ সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে দুৰ্নীতি আৰু নিৰ্বাচনী প্ৰৱঞ্চনাৰ বিৰুদ্ধে মাত মাতিছিল। ২০২৩ চনত ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন লাভ কৰাৰ পিছত তেওঁক নিষিদ্ধ কৰা হৈছিল। কিন্তু তেওঁ মাদুৰো শাসনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিছিল।

উল্লেখ্য় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালত (আইচিচি) আৰু গাজা সংঘাতত শান্তিৰ বাবে কাম কৰা সংগঠনসমূহে এইবাৰৰ শান্তি নোবেল বঁটাৰ বাবে মূল প্ৰতিদ্বন্দ্বী আছিল। ট্ৰাম্পে নিজকে প্ৰচাৰৰ চেষ্টা কৰিছিল যদিও মনোনয়ন প্ৰক্ৰিয়াৰ বাবে তেওঁক অযোগ্য ঘোষণা কৰা হৈছিল। বঁটা ঘোষণাৰ ঠিক আগতে ৰাছিয়াই ট্ৰাম্পক সমৰ্থন কৰিছিল যদিও কমিটীয়ে ইয়াক নাকচ কৰিছিল।

সমিতিখনে ২২৪টা ব্যক্তি, ৯৪টা সংগঠন, আৰু অন্যান্যকে ধৰি মুঠ ৩৩৮টা মনোনয়ন লাভ কৰে। মাচাডোৰ এই জয়ে ২০২৪ চনৰ ভেনিজুৱেলাৰ নিৰ্বাচনক লৈ হোৱা বিতৰ্কক চৰ্চালৈ আনিছে, য’ত মাদুৰ’ই ৫১% ভোটত জয়লাভ কৰাৰ দাবী কৰিছিল যদিও বিৰোধীয়ে ইয়াক প্ৰৱঞ্চনামূলক বুলি দাবী কৰিছিল। এই বঁটাৰ জৰিয়তে লেটিন আমেৰিকাৰ গণতন্ত্ৰৰ যুঁজখনক বিশ্বৰ মঞ্চলৈ আনিছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande