বিজনীত অবৈধভাৱে গৰু কঢ়িওৱা বাহন জব্দ
চিৰাং, ১০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ এক অভিযানত শুকুৰবাৰে বিজনীত অবৈধভাৱে গৰু কঢ়িওৱা এখন বাহন জব্দ কৰা হয় । বিজনী কুকলুং পথৰ ১ নং ৱাৰ্ডত থকা এনআৰএল পেট্ৰল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ কাৰ্যকৰ্তাই জ
বিজনীত অবৈধভাৱে গৰু কঢ়িওৱা বাহন জব্দ


চিৰাং, ১০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ এক অভিযানত শুকুৰবাৰে বিজনীত অবৈধভাৱে গৰু কঢ়িওৱা এখন বাহন জব্দ কৰা হয় । বিজনী কুকলুং পথৰ ১ নং ৱাৰ্ডত থকা এনআৰএল পেট্ৰল পাম্পৰ সমীপত ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ কাৰ্যকৰ্তাই জব্দ কৰা বাহন খনৰ নম্বৰ এএছ ২৬ এচি ৩০২৯।

উল্লেখ্য বিজনীৰ ভাওৰাগুৰী নিৱাসী অবৈধ গো-ব্যৱসায়ী মুবাৰক মিঞা আৰু বাহন খনৰ চালক ৰকিবুল আলীয়ে ভাওৰাগুৰীৰ পৰা বঙাইগাঁওলৈ বাহন খনেৰে অবৈধভাৱে ৭ টাকৈ গৰু কঢ়িয়াই লৈ গৈছিল । পাছত ৰাষ্ট্ৰীয় বজৰংগ দলৰ চিৰাং জিলা সমিতিৰ কাৰ্যকৰ্তাই বিজনী থানাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গো-ভৰ্তি বাহনখন জব্দ কৰাৰ লগতে গো-ব্যৱসায়ী আৰু চালক জনক আটক কৰি জব্দকৃত বাহনখন সহ উভয়কে বিজনী থানালৈ লৈ যায় ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande