শিৱসাগৰ, ১০ অক্টোবৰ (হি.স.)। শিৱসাগৰত ন্যায় বিচাৰি এখোজ । অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায়ৰ বাবে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ। জাতিৰ মহানায়ক জুবিন গাৰ্গৰ ছিংগাপুৰত অবাঞ্চিত মৃত্যুৰ ঘটনাৰ সৈতে জৰিত সকলৰ উপযুক্ত শাস্তি আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে শিৱসাগৰত সদৌ অসম ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ ।
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত একত্ৰিত জুবিন অনুৰাগী । জুবিন গাৰ্গক লৈ ৰাজনীতি পৰিহাৰ কৰাৰ দাবী । সমদল বাহিৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহন ।
প্ৰতিবাদী সমদলৰ নেতৃত্বত সাধাৰন সম্পাদক সমীৰন ফুকন । জাষ্টিচ ফৰ জুবিন গাৰ্গ শ্লগানেৰে উত্তাল কৰে পৰিবেশ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু