প্ৰথম জ্যোতিৰ্লিংগ পৰিদৰ্শন কৰিবলৈ গুজৰাটৰ সোমনাথত উপস্থিত ৰাষ্ট্ৰপতি মুৰ্মু
-ফুলৰে চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন গীৰ সোমনাথ, ১০ অক্টোবৰ (হি.স.)। তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিন শুকুৰবাৰে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম সোমনাথ মহাদেৱক সাক্ষাৎ কৰিবলৈ সোমনাথত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ত্ৰিবেণী হেলিপে
राष्ट्रपति सोमनाथ महादेव के दर्शन हेतु गिर सोमनाथ पहुंचे


राष्ट्रपति सोमनाथ महादेव के दर्शन हेतु गिर सोमनाथ पहुंचे


राष्ट्रपति सोमनाथ महादेव के दर्शन हेतु सोमनाथ पहुंचे


-ফুলৰে চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গীৰ সোমনাথ, ১০ অক্টোবৰ (হি.স.)। তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ দ্বিতীয় দিন শুকুৰবাৰে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম সোমনাথ মহাদেৱক সাক্ষাৎ কৰিবলৈ সোমনাথত উপস্থিত হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ত্ৰিবেণী হেলিপেডত তেওঁক উষ্ম আদৰণি জনোৱা হয়।

হেলিপেডত পৰ্যটন মন্ত্ৰী মুলু বেৰা, সাংসদ ৰাজেশ চুদাছামা, কালেক্টৰ এন.ভি.উপাধ্যায়, আৰু জিলা আৰক্ষী অধীক্ষক জয়দীপসিং জাদেজাই ৰাষ্ট্ৰপতিগৰাকীক ফুলৰ থোপাৰে আদৰণি জনায়।

ইয়াৰ পিছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সোমনাথ মহাদেৱৰ ওচৰলৈ যোৱাৰ পূৰ্বে দিগ্বিজয় গেটৰ সন্মুখত অৱস্থিত চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিত মালা অৰ্পণ কৰে। সংযুক্ত ভাৰতৰ স্থপতি তথা সোমনাথ মহাদেৱ মন্দিৰৰ পুনৰুদ্ধাৰৰ স্থপতি চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তিলৈ ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাষ্ট্ৰলৈ তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।

সোমনাথ মন্দিৰ কমপ্লেক্সত ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় পৰ্যটন মন্ত্ৰী মুলুভাই বেৰা, সোমনাথ ট্ৰাষ্টৰ ট্ৰাষ্টী আৰু ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব পি. লাহেৰী, ট্ৰাষ্টী জে ডি পাৰমাৰ, আৰু ট্ৰাষ্টৰ সম্পাদক যোগেন্দ্ৰ দেশাই।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande