নতুন দিল্লী, ১০ অক্টোবৰ (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ইয়াত আফগান বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকীৰ সৈতে বিস্তৃত আলোচনাত মিলিত হয়। দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ বিস্তৃত বিষয়ৰ লগতে গুৰুত্বপূৰ্ণ আঞ্চলিক উন্নয়নৰ বিষয়ে চৰ্চা কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ জয়শংকৰে এক্স-পোষ্টত কয় যে আজি নতুন দিল্লীত আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীক সাক্ষাৎ কৰি আনন্দিত হৈছে। এই ভ্ৰমণ আমাৰ সম্পৰ্কক আগুৱাই নিয়া আৰু ভাৰত-আফগানিস্তানৰ চিৰস্থায়ী বন্ধুত্বক শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। আফগানিস্তানৰ উন্নয়নৰ বাবে ভাৰতৰ সমৰ্থন, আমাৰ দ্বিপাক্ষিক বাণিজ্য, ভূখণ্ডৰ অখণ্ডতা আৰু স্বাধীনতা, জনসাধাৰণৰ মাজত সম্পৰ্ক, আৰু সামৰ্থ্য বিকাশৰ ওপৰত আলোচনা কৰা হৈছিল। ভাৰতে কাবুলত থকা কাৰিকৰী অভিযান ভাৰতীয় দূতাবাসৰ স্তৰলৈ উন্নীত কৰিব। ইয়াৰ উপৰিও বৈদেশিক মন্ত্ৰী মুত্তাকীৰ হাতত ৫খন এম্বুলেন্স গতাই দিয়া হয়। এয়া আফগানিস্তানলৈ আগবঢ়োৱা ২০খন এম্বুলেন্স আৰু অন্যান্য চিকিৎসা সঁজুলিৰ বৃহত্তৰ উপহাৰৰ অংশ। ইয়াৰ দ্বাৰা আফগান জনসাধাৰণৰ প্ৰতি আমাৰ দীৰ্ঘদিনীয়া সমৰ্থন প্ৰতিফলিত হয়।
দুয়োগৰাকী নেতাৰ বৈঠকৰ পিছতে এক যৌথ বিবৃতি জাৰি কৰা হয়। ইয়াৰ মতে আফগানিস্তানৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু উন্নয়নৰ প্ৰয়োজনীয়তাক মনত ৰাখি দুয়োপক্ষই এই কথাত একমত হয় যে ভাৰতে উন্নয়ন সহযোগিতা প্ৰকল্পসমূহত বিশেষকৈ স্বাস্থ্যসেৱা, ৰাজহুৱা আন্তঃগাঁথনি, আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত নিজৰ নিয়োজিততা আৰু অধিক গভীৰ কৰিব।
আফগানিস্তানৰ সৈতে ভাৰতৰ চলি থকা স্বাস্থ্যসেৱা সহযোগিতাৰ অধীনত কাবুলৰ ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ চাইল্ড হেল্থত থেলাছেমিয়া চেণ্টাৰ স্থাপন, আধুনিক ডায়েগনষ্টিক চেণ্টাৰ স্থাপন, হিটিং চিষ্টেম সলনি কৰাকে ধৰি কেইবাটাও প্ৰকল্প ৰূপায়ণ কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতে কাবুলৰ বাগ্ৰামী জিলাত ৩০খন বিচনাযুক্ত চিকিৎসালয়, কাবুলত অংক’লজী চেণ্টাৰ আৰু ট্ৰমা চেণ্টাৰ, পাক্তিকা, খোষ্ট, আৰু পাকটিয়া প্ৰদেশত পাঁচখন প্ৰসূতি স্বাস্থ্য ক্লিনিক নিৰ্মাণ কৰিব। আফগান নাগৰিকৰ বাবে প্ৰায় ৭৫টা কৃত্ৰিম অংগ সফলতাৰে ফিট কৰা হৈছে, যিটো পদক্ষেপ আফগান চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সমাজ দুয়োটাই বহুলভাৱে শলাগ লৈছে। আফগান নাগৰিকক চিকিৎসা সাহায্য আৰু উচ্চমানৰ স্বাস্থ্যসেৱা আগবঢ়াই যাব ভাৰতে।
সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত ভাৰতে ই-আইচিচিআৰ বৃত্তি আঁচনিৰ অধীনত আফগান ছাত্ৰ-ছাত্ৰীক বৃত্তি অব্যাহত ৰাখিছে। আফগান ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আইচিচিআৰ আৰু অন্যান্য বৃত্তি কাৰ্যসূচীৰ অধীনত ভাৰতীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰ অধিক সুযোগৰ বিষয়ে সক্ৰিয়ভাৱে বিবেচনা কৰা হৈছে। ভাৰতে ভূমিকম্প প্ৰভাৱিত অঞ্চলত আৱাসিক অট্টালিকা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত আফগান চৰকাৰক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
বৈদেশিক মন্ত্ৰী মুত্তকীয়ে ভাৰতৰ এনে সাহায্য অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। আফগানিস্তানলৈ বলপূৰ্বকভাৱে প্ৰত্যাৱৰ্তন কৰা শৰণাৰ্থীসকলৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে উল্লেখযোগ্য বস্তুগত সহায় আগবঢ়োৱাকে ধৰি ভাৰত চৰকাৰৰ বিস্তৃত আৰু উদাৰ মানৱীয় সাহায্যৰ বাবে তেওঁ প্ৰশংসা কৰে।
দুয়োপক্ষই আফগানিস্তানলৈ ভাৰতীয় মানৱীয় সাহায্য কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰে, য’ত খাদ্য শস্য, সামাজিক সাহায্য সামগ্ৰী, বিদ্যালয়ৰ ষ্টেচনাৰী, দুৰ্যোগ সাহায্য সামগ্ৰী, আৰু কীটনাশক যোগান আদি অন্তৰ্ভুক্ত। ক্ৰীড়া বিশেষকৈ ক্ৰিকেটত সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লগতে সাংস্কৃতিক যোগাযোগৰ প্ৰসাৰৰ বিষয়ে দুয়োপক্ষই আলোচনা কৰে।
উভয় পক্ষই ভাৰত-আফগানিস্তান বিমানযোগে মাল সৰৱৰাহ মুকলি কৰাৰ আদৰণি জনায়, যিয়ে দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বাণিজ্য আৰু ব্যৱসায়ক অধিক প্ৰসাৰিত কৰিব। নতুন কৰিডৰৰ জৰিয়তে সংযোগৰ সুবিধা আৰু দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আফগান পক্ষই ভাৰতীয় কোম্পানীসমূহক খনি খণ্ডত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনাইছে, যিয়ে দ্বিপাক্ষিক ব্যৱসায় আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাত সহায় কৰিব।
হেৰাটত ভাৰত-আফগানিস্তান বন্ধুত্ব বান্ধ (ছালমা বান্ধ) নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত ভাৰতে আগবঢ়োৱা সহায়ৰ শলাগ লৈ দুয়োপক্ষই বহনক্ষম পানী ব্যৱস্থাপনাৰ গুৰুত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু আফগানিস্তানৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে জলবিদ্যুৎ প্ৰকল্পত সহযোগিতা আগবঢ়াবলৈ আৰু ইয়াৰ কৃষি উন্নয়নত সহায় কৰিবলৈ সন্মত হয়।
বৈদেশিক মন্ত্ৰী জয়শংকৰে পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা প্ৰকাশ কৰি আফগানিস্তানে ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে প্ৰকৃত সংহতিৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। দুয়োপক্ষই ইজনে সিজনৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি সন্মানত গুৰুত্ব আৰোপ কৰে। ভাৰতৰ নিৰাপত্তাজনিত উদ্বিগ্নতাৰ বিষয়ে আফগান পক্ষৰ অনুধাৱনৰ শলাগ লয় বৈদেশিক মন্ত্ৰীগৰাকীয়ে।
আফগান বৈদেশিক মন্ত্ৰীগৰাকীয়ে আফগান চৰকাৰে কোনো গোট বা ব্যক্তিক ভাৰতৰ বিৰুদ্ধে আফগান মাটি ব্যৱহাৰ কৰিবলৈ অনুমতি নিদিয়ে বুলি দোহাৰে। শেহতীয়াকৈ নংগাৰহাৰ আৰু কুনাৰ প্ৰদেশত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত প্ৰাণ আৰু সা-সম্পত্তিৰ ক্ষতি হোৱাৰ বাবে বৈদেশিক মন্ত্ৰীগৰাকীয়ে শোক প্ৰকাশ কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ