বৰপেটা ৰোড ৰে’ল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ আদিবাসী যুৱতী
বৰপেটা, ১০ অক্টোবৰ (হি.স.)। বৰপেটা ৰোড ৰে’ল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা যোৱাকালি বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰা হয় এগৰাকী আদিবাসী যুৱতী। বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে নিয়াৰ চেষ্টা কৰাৰ সময়তেই বৰপেটাৰোড হিন্দু জাগৰণ মঞ্চ অসমৰ সদস্যই আটক
নিশা বৰপেটা ৰোড ৰেল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী আদিবাসী যুৱতী।


নিশা বৰপেটা ৰোড ৰেল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী আদিবাসী যুৱতী।


নিশা বৰপেটা ৰোড ৰেল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰিলে এগৰাকী আদিবাসী যুৱতী।


বৰপেটা, ১০ অক্টোবৰ (হি.স.)। বৰপেটা ৰোড ৰে’ল ষ্টেচনত নাৰী সৰবৰাহকাৰীৰ পৰা যোৱাকালি বৃহস্পতিবাৰে নিশা উদ্ধাৰ কৰা হয় এগৰাকী আদিবাসী যুৱতী। বহিঃ ৰাজ্যত কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভনেৰে নিয়াৰ চেষ্টা কৰাৰ সময়তেই বৰপেটাৰোড হিন্দু জাগৰণ মঞ্চ অসমৰ সদস্যই আটক কৰি ৰেলৱে আৰক্ষীক গতাই দিয়ে।

নিশা বৰপেটাৰোড এগৰাকী মুছলমান যুৱকৰ সৈতে আদিবাসী যুৱতী গৰাকীক দেখি সন্দেহে ওপজাত স্থানীয় হিন্দু জাগৰণ মঞ্চ অসমৰ সদস্যই বৰপেটাৰোড ৰেলৱে পুলিচৰ সহযোগত যুৱতী গৰাকী উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চেগ বুজি যুৱক গৰাকী পলাই যাবলৈ সক্ষম হয়।

উদ্ধাৰ কৰা যুৱতীগৰাকীৰ ঘৰ বাক্সা জিলাৰ ডুমুনী বাগানৰ জানিব পৰা গৈছে।

পৰৱৰ্তী সময়ত বৰপেটাৰোড ৰেলৱে আৰক্ষীয়ে হিন্দু জাগৰণ মঞ্চ অসমৰ বৰপেটা জিলা প্ৰচাৰক সুব্ৰত সিনহাৰ লগতে ডুমুনী আদিবাসী ছাত্ৰ সন্থাৰ সহযোগত পৰিয়ালৰ হাতত গতাই দিয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande