বৰপেটাৰোড ৰেল ষ্টেচনত এগৰাকী আদিবাসী যুৱতী উদ্ধাৰ
বৰপেটা, ১০ অক্টোবৰ (হি.স.)। বৰপেটাৰোড ৰেল ষ্টেচনত এগৰাকী আদিবাসী যুৱতী উদ্ধাৰ। কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে যুৱতী গৰাকীক ৰেলেৰে বাংগালুৰুলৈ নিবলৈ ওলোৱাৰ সময়তে যুৱতী গৰাকীক উদ্ধাৰ । জানিব পৰা মতে, অপহৰণকাৰী যুৱকজন ৰাজাখাট গাৱৰ মইনুল হ''ক । মইনুল হ'
বৰপেটাৰোড ৰেল ষ্টেচনত এগৰাকী আদিবাসী যুৱতী উদ্ধাৰ


বৰপেটা, ১০ অক্টোবৰ (হি.স.)। বৰপেটাৰোড ৰেল ষ্টেচনত এগৰাকী আদিবাসী যুৱতী উদ্ধাৰ। কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে যুৱতী গৰাকীক ৰেলেৰে বাংগালুৰুলৈ নিবলৈ ওলোৱাৰ সময়তে যুৱতী গৰাকীক উদ্ধাৰ ।

জানিব পৰা মতে, অপহৰণকাৰী যুৱকজন ৰাজাখাট গাৱৰ মইনুল হ'ক । মইনুল হ'কে বাক্সা জিলাৰ ডুমুনি চাহ বাগানৰ আদিবাসী যুৱতী গৰাকীক পৰিয়ালৰ অজ্ঞাতে কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে বাংগালুৰুলৈ নিয়াৰ পৰিকল্পনা কৰিছিল।

যুৱকজনৰ সন্দেহজনক আচৰণ দেখি স্থানীয় হিন্দু জাগৰণ মঞ্চৰ সদস্যই বৰপেটাৰোড ৰেলৱে পুলিচৰ সহযোগত যুৱতী গৰাকীক সোধপোচ কৰাৰ পিচতে প্ৰকৃত কথা ওলাই পৰে। অবশ্যে ইয়াৰ মাজতে চেগ বুজি যুৱকজন ৰেল ষ্টেচনৰ পৰা পলায়ন কৰে ।

মইনুল হক নামৰ যুৱকজন নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জৰিত থকাৰ সন্দেহ কৰা । সম্প্ৰতি যুৱতীগৰাকীক আছাৰ সদস্যই পৰিয়ালৰ হাতত চমজাই দিয়ে। ঘটনাটোৰ তদন্ত কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ চাহ জনজাতি ছাত্ৰ সন্থা আৰু হিন্দু জাগৰণ মঞ্চই আৰক্ষীক দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande