অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা, ১৪ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ
গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিনৰ পাছত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুয়োজনৰ। আৰক্ষীয়ে শ্যামকান
অসম আৰক্ষীৰ জালত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা


গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ১৩ দিনৰ পাছত নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে অন্যতম অভিযুক্ত শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খাইছিল দুয়োজনৰ। আৰক্ষীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক বিমান বন্দৰৰ পৰা গীতানগৰ থানালৈ লৈ অনাৰ পিছত চিজেএমৰ বাসগৃহলৈ লৈ যোৱা হয়। দুৰ্গা পূজাৰ বাবে বন্ধ আছে আদালত।সেইবাবেই চিজেএমৰ বাসগৃহলৈ নিয়া হয় দুই অভিযুক্তক। ইফালে মুখ্য ন্যায়িক দণ্ডাধীশে ১৪দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে দুয়োকে।

উল্লেখ্য যে দিল্লী বিমান বন্দৰৰ পৰা গ্রেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক। যোৱা কালি নিশা ১২.৩০ বজাত নাটকীয়ভাৱে দিল্লী বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় শ্যামকানু মহন্তক। অনুৰূপ ধৰণে জুবিন গাৰ্গৰ অপমৃত্যুৰে নাম সাঙোৰ খাই পৰা সিদ্ধাৰ্থ শৰ্মাকো ১ অক্টোবৰৰ পুৱতি নিশা ৰাজস্থানৰ পৰা দিল্লীলৈ আহি থকা পথত গুৰগাঁৱৰ এখন ট্ৰোলগেটৰ সমীপত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

দুয়োটা খবৰে জুবিনপ্ৰেমী আৰু তেওঁৰ মৃত্যুৰ ন্যায় বিচৰা সকলৰ বাবে আছিল এটা ভাল লগা খবৰ। ইমান দিনে ইয়াকে বিচাৰি আছিল জুবিনৰ মৃত্যুত ম্ৰিয়ম্মান হৈ পৰা লাখ লাখ জনতাই। তাৰ পাছত এয়াৰ ইণ্ডিয়াৰ আইএক্স১১৯৭ নম্বৰৰ বিমানখনেৰে দুয়োকে গুৱাহাটীলৈ লৈ অনা হয়। দিল্লী বিমান বন্দৰৰ টাৰ্মিনেল ৩ ৰ পৰা পুৱা ৪.৩৯ মিনিটত টেক অফ কৰা বিমান খনে বৰঝাৰ বিমান বন্দৰত ১ অক্টোবৰ ২০২৫ ৰ পুৱা ৬.৩৭ ত অৱতৰণ কৰিছিল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰ্জাতিক বিমান বন্দৰৰ সমুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছিল।

আৰক্ষীৰ এটা দলে দুয়োকে আৰক্ষী, চিআৰপিএফ বাহিনীৰ নিৰাপত্তা বেষ্টনীৰ মাজত লৈ এক বিশাল কনভয়ৰে বিমান বন্দৰৰ ভিতৰৰ পৰা কাৰ্গো গেটেৰে বাহিৰ উলিয়াই পোনে পোনে গীতা নগৰলৈ লৈ আহিছিল। গীতা নগৰত অল্পনা এপাৰ্টমেন্টত থকা চিজিএমৰ বাসগৃহত দুয়োকে পুৱাই হাজিৰ কৰোৱা হয়।

আদালতৰ পূজা বন্ধৰ বাবে দুই অভিযুক্তক এনেদৰে হাজিৰ কৰাই য়ে উলুবাৰীৰ মুখ্য কাৰ্যালয়লৈ লৈ যায়। বিমান বন্দৰৰ পৰা অনা সময়ত দুয়োৰে হাতত কোনো হেণ্ডকাফ নাছিল যদিও আদালতত হাজিৰ কৰা পাছত দুয়োজনৰ হাতত পিন্ধাই দিয়া হৈছিল হেণ্ডকাফ।

লক্ষ্যণীয়ভাৱে, হেণ্ডকাফ পিন্ধাই লৈ যোৱা আলোকচিত্ৰ, চি আই ডি মুখ্য কাৰ্যালয়ৰ লকআপৰ ভিতৰত দুয়োকে ৰখোৱা আলোকচিত্ৰ ভাইৰেল হৈ পৰে। সংবাদ মাধ্যমৰ হাতত এনেদৰে এই আলোকচিত্ৰ তুলি দি হয়তো দুয়োৰ প্ৰতি ৰাইজৰ থকা ক্ষোভ উপশম তথা আৰক্ষী বা চৰকাৰ কিমান কঠোৰ হৈছে তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande