কামৰূপ, ০১ অক্টোবৰ (হি.স.)। কামৰূপ জিলাৰ ৰঙিয়াৰ দুৰ্গা পূজাৰ মণ্ডপত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰে কংগ্ৰেছ দলে প্ৰচাৰ চলোৱাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰঙিয়াৰ পশ্চিমপাৰ বাঘবাৰীত অনুষ্ঠিত দুৰ্গা পূজাৰ মণ্ডপৰ গেটত অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিশাল প্ৰতিচ্ছবিৰ তলত কংগ্ৰেছৰ প্ৰচাৰমূলক কাৰ্যৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে ।
কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাণজিৎ চৌধুৰীয়ে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সৈতে নিজৰ ফটো আৰু কংগ্ৰেছ দলৰ প্ৰতীক ব্যৱহাৰ কৰি প্ৰচাৰ চলায়। এই কাৰ্যই ৰাজনৈতিক আৰু সামাজিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিজেপিয়ে এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছৰ এনে কাৰ্যক নিকৃষ্ট ৰাজনীতি বুলি নিন্দা জনাইছে। বিজেপিৰ মতে ৰাজনীতিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নথকা মৰমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক কংগ্ৰেছে ব্ৰেণ্ড এম্বেচেদৰৰ দৰে ব্যৱহাৰ কৰা কাৰ্য কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । অমৃত কন্ঠ জুবিন গাৰ্গৰ অকাল বিয়োগত সমগ্ৰ অসমৰ জনতা শোকত ডুবি থকা সময়ত কংগ্ৰেছৰ এনে কাৰ্যৰ বাবে বিজেপি নেতাসকলে ক্ষোভ প্ৰকাশ কৰিছে । জুবিন গাৰ্গৰ স্মৃতিক ৰাজনৈতিক প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰাটো অসম্মানজনক বুলি তেওঁলোকে মন্তব্য কৰে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা