ৰাষ্ট্ৰপতি মুৰ্মুৰ বিজয়দশমীৰ শুভেচ্ছা
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। বিজয়দশমীৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে বিজয়দশমী উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। তেওঁ কয় যে অধৰ্মৰ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু


নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। বিজয়দশমীৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ বাৰ্তাত কয় যে বিজয়দশমী উপলক্ষে সকলো দেশবাসীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছো।

তেওঁ কয় যে অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয়ৰ প্ৰতীক বিজয়দশমীয়ে আমাক সত্য আৰু ন্যায়ৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ৰাৱণ দহন আৰু দুৰ্গা পূজা হিচাপে পালন কৰা এই উৎসৱে আমাৰ ৰাষ্ট্ৰীয় মূল্যবোধৰ প্ৰতিফলন ঘটায়। ক্ৰোধ আৰু অহংকাৰৰ দৰে নেতিবাচক প্ৰৱণতা পৰিত্যাগ কৰি সাহস আৰু দৃঢ়তাৰ দৰে ইতিবাচক প্ৰৱণতা গ্ৰহণ কৰিবলৈও এই উৎসৱে শিকাইছে।

ৰাষ্ট্ৰপতিগৰাকীয়ে কামনা কৰে যে এই উৎসৱে আমাক এনে এখন সমাজ আৰু দেশ গঢ়ি তোলাৰ বাবে অনুপ্ৰাণিত কৰক য’ত ন্যায়, সমতা, সমন্বয়ৰ ধাৰণাৰে অনুপ্ৰাণিত হৈ সকলো মানুহে একেলগে আগবাঢ়িব।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande