শোণিতপুৰ, ০১ অক্টোবৰ (হি.স.)। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ তথা দুৰ্গোৎসৱৰ মাজতে তেজপুৰত এক অঘটন সংঘটিত হৈছে । এই অঘটন অনুসৰি স্বামীয়ে ঘপিয়াই হত্যা কৰিলে পত্নীক। তেজপুৰৰ দৰকীয়াল গাঁৱত সংঘটিত হৈছে এই লোমহৰ্ষক ঘটনা।
জানিব পৰামতে, যোৱাকালি মঙলাবাৰে বিয়লি প্ৰায় ৪ বজাত গোপাল দাসে পত্নী দীপালি দাসক শুই থকা অৱস্থাতে দাৰে ঘপিয়ায়। ইফালে স্বামীৰ দাৰ ঘাপত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় পত্নী দীপালি দাস। দিপালীক প্ৰথমতে ওচৰৰে প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰলৈ নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল। অৱশ্য়ে আদবাটতে মহিলাগৰাকীৰ মৃত্যু হয়। আৰক্ষীয়ে ইতিমধ্য়ে ঘাতক স্বামী গোপাল দাসক গ্ৰেপ্তাৰ কৰিছে। লগতে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। পাৰিবাৰিক কন্দলৰ বাবেই এই হত্য়াকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা