মৈৰাবাৰীত পানী টেংকীৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা এজন বৃদ্ধাৰ
মৰিগাঁও, ০১ অক্টোবৰ (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পানী টেংকীৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা চলায় এজন বৃদ্ধাই । মৈৰাবাৰীৰ কাষৰীয়া ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱত সংগঠিত হৈছে উক্ত ঘটনা। জানিব পৰামতে, ৫০ উৰ
মৈৰাবাৰীত পানী টেংকীৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা এজন বৃদ্ধাৰ


মৰিগাঁও, ০১ অক্টোবৰ (হি.স.)। মৰিগাঁও জিলাৰ মৈৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পানী টেংকীৰ ওপৰত উঠি আত্মহত্যাৰ চেষ্টা চলায় এজন বৃদ্ধাই । মৈৰাবাৰীৰ কাষৰীয়া ভেলৌগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰচাপৰি গাঁৱত সংগঠিত হৈছে উক্ত ঘটনা।

জানিব পৰামতে, ৫০ উৰ্ধৰ এগৰাকী বৃদ্ধাই অঞ্চলটোতে থকা জেজেএমৰ পানীৰ টেংকীৰ ওপৰত নিশা প্ৰায় ১১ টা মান বজাত উঠি আত্মহত্যাৰ চেষ্টা কৰে। বৃদ্ধ গৰাকীৰ নাম ৰহমত আলি বুলি জনা গৈছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আহি উপস্থিত হয় আৰক্ষী।

পিছত মৈৰাবাৰী এছডিআৰএফ বাহিনী আৰু ভেলৌগুৰি আৰক্ষীৰ নেতৃত্বত চাৰি ঘন্টা ধৰি চলোৱা যৌথ অভিযানৰ অন্তত বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি নমাই আনিবলৈ সক্ষম হয়। বৃদ্ধা গৰাকী কিছু পৰিমাণে মানসিক ভাৰসাম্যহীন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

ইতিমধ্যে লোকজনক আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande