গুৱাহাটী, ০১ অক্টোবৰ (হি স)। ভাৰতীয় মহিলা ক্ৰিকেট দলে এদিনীয়া বিশ্বকাপৰ আৰম্ভণি সুন্দৰ ভাৱে কৰি শ্ৰীলংকাক উদ্বোধনী মেচত ৫৯ ৰানত পৰাস্ত কৰে। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেলা এই মেচত ভাৰতৰ জয়ৰ নায়ক আছিল বেট আৰু বল দুয়োটাৰে শক্তি প্ৰদৰ্শন কৰা দীপ্তি শৰ্মা।
প্ৰথমে বেটিং কৰি ভাৰতে কঠিন পৰিস্থিতি অতিক্ৰম কৰি বৃহৎ স্ক’ৰ কৰে। আগতীয়াকৈ উইকেট হেৰুৱাই সপ্তম উইকেটৰ বাবে দীপ্তি শৰ্মা (৮৭) আৰু অমনজোত কৌৰে (৫৭) ১০৩ ৰানৰ অংশীদাৰিত্ব স্থাপন কৰে। হৰলিন দেউল (৪৮) আৰু প্ৰতিকা ৰাৱালে (৩৭)ও উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
ডি এল এছ পদ্ধতিৰ ভিত্তিত ২৭১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰা শ্ৰীলংকাই ৪৫.৪ অভাৰত ২১১ ৰান সংগ্ৰহ কৰি অল আউট হয়। কেৱল অধিনায়ক চামাৰী আথাপট্টু (৪৩), নীলাক্ষী ডি চিলভা (৩৫), আৰু হৰ্ষিতা সমৰাৱিক্ৰমাই (২৯) কিছু প্ৰতিৰোধ কৰিব পাৰিছিল।
বলিং বিভাগতো দীপ্তি শৰ্মাই তিনিটা উইকেট দখল কৰাৰ বিপৰীতে স্নেহ ৰাণা আৰু শ্ৰী চৰণীয়ে দুটাকৈ উইকেট দখল কৰে। আন বলাৰসকলে ধাৰাবাহিক চাপ বজাই ৰাখিছিল।
এই জয়েৰে ভাৰতীয় মহিলা দলটোৱে প্ৰতিযোগিতাখনৰ বিজয়ী আৰম্ভণি কৰি খিতাপ অভিযানৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া