গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
ধুবুৰী, ০১ অক্টোবৰ (হি.স.)। গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শাৰদীয় দুৰ্গাপূজাৰ আনন্দৰ মাজতেই ধুবুৰী জিলাৰ গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি বুধবাৰে ৰাতিপুৱা স্থানীয় লোকে মলাতিখামাৰ ১৭
গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ


ধুবুৰী, ০১ অক্টোবৰ (হি.স.)। গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শাৰদীয় দুৰ্গাপূজাৰ আনন্দৰ মাজতেই ধুবুৰী জিলাৰ গৌৰীপুৰত পথৰ দাঁতিত এজন অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। আজি বুধবাৰে ৰাতিপুৱা স্থানীয় লোকে মলাতিখামাৰ ১৭নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত যুৱক জনৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয় ।

পুৱাই স্থানীয় ৰাইজে পথৰ দাতিত থকা পুখুৰী পাৰত পৰি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে। এয়া হত্যা নে আন কিবা এতিয়াও পোহৰলৈ অহা নাই। লগতে মৃত লোকজনৰ পৰিচয়ো উদ্ধাৰ হোৱা নাই। ইতিমধ্যে ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী আহি উপস্থিত হৈছে আৰু মৃতদহটো নিজৰ জিম্মাত লয় ।

লোকজনক কোনো বাহনে খুণ্ডিয়াই থৈ যোৱাৰো সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়। অৱশ্যে এইক্ষেত্ৰত আৰক্ষীৰ তদন্তৰ পিছতেই ওলাই পৰিব প্ৰকৃত ৰহস্য।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande