ৱাশ্বিংটন, ০১ অক্টোবৰ (হি.স.)। ফেডাৰেল বাজেট গৃহীত নোহোৱাৰ বাবে চৰকাৰী বন্ধৰ সন্মুখীন হ’ব আমেৰিকা চৰকাৰ। এক উল্লেখযোগ্য পৰিঘটনাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই পুঁজিৰ বিধেয়কখন ছিনেটত গৃহীত কৰাত ব্যৰ্থ হয়। মঙলবাৰে গভীৰ নিশা বিধেয়কখনৰ ওপৰত ভোটদানৰ ফলত ৫৫টা ভোটৰ সপক্ষে আৰু ৪৫টা বিপক্ষে ভোটদান কৰে। গৃহীত হ’বলৈ প্ৰয়োজন হৈছিল ৬০টা ভোট।
এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। অস্থায়ী পুঁজিৰ বিধেয়কখন ছিনেটত গৃহীত কৰিবলৈ ট্ৰাম্পৰ দলটোক কমেও ৬০টা ভোটৰ প্ৰয়োজন হৈছিল যদিও মাত্ৰ ৫৫টা ভোটহে লাভ কৰিছিল। চৰকাৰী ব্যয়ৰ বিধেয়কখন গৃহীত কৰিবলৈ ৰিপাব্লিকান পাৰ্টিক কমেও সাতজন ডেম’ক্ৰেটৰ সমৰ্থনৰ প্ৰয়োজন আছিল। ফাণ্ডিং বিল গৃহীত কৰিবলৈ ৬০টা ভোটৰ প্ৰয়োজন।
ফেডাৰেল সংস্থাসমূহক পৰিচালনা কৰা ১.৭ ট্ৰিলিয়ন ডলাৰৰ বাজেটেই এই সংকটৰ কাৰণ হৈ পৰিছে। ইয়াৰ দ্বাৰা আমেৰিকাৰ বাজেটৰ প্ৰায় এক চতুৰ্থাংশ। যদি এই প্ৰস্তাৱ বিফল হয় তেন্তে ট্ৰাম্প প্ৰশাসনৰ বাবে প্ৰয়োজনীয় পুঁজিৰ অভাৱ হ’ব। এই পৰিস্থিতিয়ে বহু ফেডাৰেল অভিযান বন্ধ কৰি দিব পাৰে। আমেৰিকাৰ আইন অনুসৰি বাজেট বা অস্থায়ী পুঁজিৰ বিল গৃহীত নোহোৱালৈকে বহুতো অপ্ৰয়োজনীয় চৰকাৰী বিভাগ আৰু সেৱা বন্ধ থাকিব লাগিব, যিটো প্ৰক্ৰিয়াক বন্ধ বুলি জনা যায়।
১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আমেৰিকাত নতুন বিত্তীয় বৰ্ষ। যদিহে কোনো পুঁজিৰ বিল গৃহীত নহয়, আৰু বন্ধ আৰম্ভ হয়, তেন্তে ৪০% চৰকাৰী কৰ্মচাৰী, প্ৰায় ৮ লাখ কৰ্মচাৰীক বিনা বেতনে ছুটীলৈ পঠিয়াব ।
একেদৰে সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ বহু সেৱাত পুঁজিৰ অভাৱত প্ৰভাৱ পৰিব। ২০১৮ চনত ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত ৩৪ দিন ধৰি বন্ধ আছিল। বিগত ৫০ বছৰত আমেৰিকাত ফাণ্ডিং বিলৰ পলমৰ বাবে ২০বাৰ শ্বটডাউনৰ সন্মুখীন হৈছে। কেৱল ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত চৰকাৰখনে তিনিটাকৈ এই অৱস্থাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া