মৰিগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উদযাপন
মৰিগাঁৱ, ০১ অক্টোবৰ (হি.স.)। মৰিগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উদযাপন। মৰিগাঁও পদুম পুখুৰীত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত হিয়াৰ আমঠু হাৰ্টথৱ জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ পালন কৰা হয়। প্ৰথমে হাৰ্ট্ৰথ্ৰব গৰাকীৰ প
মৰিগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উদযাপন।


মৰিগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উদযাপন।


মৰিগাঁৱ, ০১ অক্টোবৰ (হি.স.)। মৰিগাঁৱত হিয়াৰ আমঠু জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ উদযাপন। মৰিগাঁও পদুম পুখুৰীত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত হিয়াৰ আমঠু হাৰ্টথৱ জুবিন গাৰ্গৰ আজি আদ্যশ্ৰাদ্ধ পালন কৰা হয়। প্ৰথমে হাৰ্ট্ৰথ্ৰব গৰাকীৰ প্ৰতিছবিত শ্ৰদ্ধাঞ্জলি জনায় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী লগতে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জিলা আয়ুক্ত অনামিকা তেৱাৰী মৰিগাঁও জিলা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তা আৰু মৰিগাঁও জিলা বিশিষ্ট ব্যক্তি সকল ।

আদ্য শ্ৰাদ্ধ আৰু দিহানাম আয়োজন কৰে । লগতে সংবাদ মাধ্যমৰ আগত মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ গ্ৰেপ্তাৰ সন্দৰ্ভত কয় যে জুবিন গাৰ্গৰ ন্যায়ক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে, এইবোৰ কৰিব নাপায়। জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীয়ে দিনে নিশাই কষ্ট কৰিছে, সমালোচনা কিয় মৰিগাঁৱত এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande