দৰং, ০১ অক্টোবৰ (হি.স.)। মহিষাসুৰক নহয় জুবিন গাৰ্গৰ হত্যাকাৰীক বধ কৰক মা দুৰ্গাই....এয়াই দেবী মাৰ ওচৰত মঙলদৈৰ শান্তিপুৰ সাৰ্বজনীন দুৰ্গা মণ্ডপত মঙলদৈৰ এগৰাকী মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ। য'ত পূজাৰ আধ্যাত্মিকতাৰ সমান্তৰালকৈ চলাই নিছে জুবিন গাৰ্গৰ বিশেষ শ্ৰদ্ধাঞ্জলি ।
প্ৰায় ৩৫০ ফুট দীঘল আৰু ১০ ফুট ওখ এখন শ্ৰদ্ধাঞ্জলি বেনাৰ।
য'ত আছে জুবিনৰ গীতৰ আৰম্ভণি যাত্ৰাৰ পৰা মৃত্যুলৈকে ফটোৰ লগতে আছে জুবিন গাৰ্গৰ কালজয়ী গীত সমূহ। দীঘলীয়াকৈ তথা সুন্দৰকৈ বনোৱা এই ফটো সমূহত সকলোৱে ৰৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । অকল এই খনেই নহয় মঙলদৈৰ প্ৰত্যেক খন পূজা স্থলীতে জনাইছে শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / Narayan Kar