শ্ৰীভূমিৰ বদৰপুৰত জুৱিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়
শ্ৰীভূমি,০১ অক্টোবৰ (হি.স.)। জুৱিন দা বিহিন, দূৰ্গা পূজাৰ সময়ত আজি শ্ৰীভূমিৰ বদৰপুৰত অমৰ শিল্পী জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। আজি মহানৱমীৰ পূজাৰ মাজতেই অসমীয়া সমাজৰ ৰীতি-নীতি অনুসৰি জুবিন দাৰ স্মৰণ তথা আত্মাৰ সদগত
শ্ৰীভূমিৰ বদৰপুৰত জুৱিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়


শ্ৰীভূমি,০১ অক্টোবৰ (হি.স.)। জুৱিন দা বিহিন, দূৰ্গা পূজাৰ সময়ত আজি শ্ৰীভূমিৰ বদৰপুৰত অমৰ শিল্পী জুৱিন গাৰ্গক শ্ৰদ্ধাঞ্জলি আৰু আদ্যশ্ৰাদ্ধ অনুষ্ঠান অনুষ্ঠিত হয়। আজি মহানৱমীৰ পূজাৰ মাজতেই অসমীয়া সমাজৰ ৰীতি-নীতি অনুসৰি জুবিন দাৰ স্মৰণ তথা আত্মাৰ সদগতি কামনাৰে পুথি পঢ়ি ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰিলে বদৰপুৰৰ সাধাৰণ ৰাইজে। পৰবৰ্তী সময়ত উক্ত অনুষ্ঠানত উপস্থিত হৈ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বদৰপুৰত অনুষ্ঠিত ৰাইজ তথা সংগঠনৰ প্ৰতিনিধিৰ উপস্হিতত জিপাল হৈ উঠে অনুষ্ঠানটো ।

উক্ত অনুষ্ঠানত ৰাইজে জুৱিন দাৰ প্ৰতিচ্ছবিৰ সন্মুখত ১ মিনিট মৌন প্ৰাৰ্থনা কৰি জুৱিন গাৰ্গৰ বিদ্বেহী আত্মাৰ সদগতি কামনা কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande