ডিব্ৰুগড়ৰ লেপেটকটা চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩
ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ৰ লেপেটকটা চেঁচা মৈদামৰ সমীপত আজি বুধবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে দুজন লোকৰ মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত এগৰাকী যুৱতী গুৰুতৰ ভাৱে আহত হৈছে। আহত যুৱতী গৰাকী চিকিৎসালয়লৈ নি
ডিব্ৰুগড়ৰ লেপেটকটা চেঁচা মৈদামৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ৩


ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.)। ডিব্ৰুগড়ৰ লেপেটকটা চেঁচা মৈদামৰ সমীপত আজি বুধবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত থিতাতে দুজন লোকৰ মৃত্যু হয়। আনহাতে এই দুৰ্ঘটনাত এগৰাকী যুৱতী গুৰুতৰ ভাৱে আহত হৈছে। আহত যুৱতী গৰাকী চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয়। নিহত সকলৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই ।

প্ৰাপ্ত তথ্য় মতে আজি বুধবাৰে পুৱাই নিয়ন্ত্ৰণ হেৰুৱাই এএছ ০৪ এছ ৫৩৫৫ নম্বৰৰ এখন বিলাসী বাহন ডিব্ৰুগড় চেঁ‌চাত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ' খাৱৈত সোমাই পৰে । বাহন খনত এগৰাকী যুৱতী সহ দুজন লোক আছিল । আৰক্ষীয়ে ইতিমধ্য়ে তিনিওটা মৃতদেহ নিজৰ জিম্মাত লৈছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। ইফালে দুৰ্ঘটনাত পতিত লোক কেইজনৰ পৰিচয় বিচাৰি তেওঁলোকৰ হাতত পোৱা তথ্য়ৰ সন্ধান বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande