(আপডেট) ডিব্ৰুগড় লেপেটকটাত বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজন নিহত
ডিব্ৰুগড়, ০১ অক্টোবৰ(হি.স.)। ডিব্ৰুগড় লেপেটকটাত চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিগৰাকীকৈ লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত দুজন পুৰুষ আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয়। দুৰ্গা পূজাৰ নৱমীৰ উছাহৰ মাজতে ডিব্ৰুগড়ৰ লেপেটকটাত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে
(আপডেট) ডিব্ৰুগড় লেপেটকটাত বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিজন নিহত


ডিব্ৰুগড়, ০১ অক্টোবৰ(হি.স.)। ডিব্ৰুগড় লেপেটকটাত চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ তিনিগৰাকীকৈ লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত দুজন পুৰুষ আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয়। দুৰ্গা পূজাৰ নৱমীৰ উছাহৰ মাজতে ডিব্ৰুগড়ৰ লেপেটকটাত এই শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

প্ৰাপ্ত তথ্য়মতে, নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খাৱৈত সোমাই চাৰিচকীয়া বাহনখন। চেঁচা মৈদামৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত হয় এএছ ০৪এছ ৫৩৫৫ নম্বৰৰ চাৰিচকীয়া বাহনখন।

শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখী আছিল বাহনখন। দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে উদ্ধাৰ অভিযান চলাই তিনিওগৰাকীক উদ্ধাৰ কৰি ভৰ্তি কৰাইছিল হাস্পতালত। হাস্পতালত তিনিওগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। মৃত্যুমুখত পৰা পুৰুষ দুজন ক্ৰমে কলিপেদ মুখাৰ্জী আৰু দেবাংগ বিশ্বাস কাশ্যপ বুলি পৰিচয় পোৱা গৈছে। ইফালে দুৰ্ঘটনাত মৃত কিশোৰী গৰাকীৰ নাম মিতা মুখাৰ্জী বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande