কুৱেটা, ০১ অক্টোবৰ (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ৰাজধানী কুৱেটাৰ আঘবাৰ্গ অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় দহজন বেলুচ যোদ্ধা। বুধবাৰে ডন কাকতখনে সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ মুখপাত্ৰৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে।
মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, চোৰাংচোৱাৰ ভিত্তিত মঙলবাৰে নিশা ১১:৩০ বজাত চিটিডিৰ এটা দলে আঘবৰ্গ অঞ্চলৰ সন্দেহযুক্ত আত্মগোপন স্থানত অভিযান চলায়। দলটোৱে অঞ্চলটো ঘেৰাও কৰি ৰখাৰ পিছত আত্মৰক্ষাৰ বাবে যোদ্ধাসকলে গুলীচালনা কৰে। ইয়াৰ পিছৰ এনকাউণ্টাৰত কমেও ১০ জন বেলুচ যোদ্ধা নিহত হয়। তেওঁলোকৰ পৰা ১৫ কেজি বিস্ফোৰক, দুটা ৰকেট লঞ্চাৰ, গ্ৰেনেড, চুইচাইড ভেষ্টকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক, গোলাবাৰুদ উদ্ধাৰ কৰা হয়। ফ্ৰন্টিয়াৰ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ সমীপত আত্মঘাতী আক্ৰমণৰ এদিন পিছতে এই অভিযান সংঘটিত হয়। আত্মঘাতী আক্ৰমণত নিহত হয় দহজন লোক।
हिन्दुस्थान समाचार / অৰৱিন্দ