তামিলনাডু বিজেপিৰ সভাপতি নৈনাৰ নগেন্দ্ৰনৰ মুখ্যমন্ত্ৰী ষ্টেলিনক কাৰুৰ দুৰ্ঘটনা সন্দৰ্ভত ১২টা প্ৰশ্ন
চেন্নাই, ০১ অক্টোবৰ (হি.স.)। তামিলনাডুৰ কাৰুৰত অভিনেতাৰ পৰা ৰাজনীতিবিদ হৈ পৰা বিজয়ৰ ৰেলীত হোৱা থেলাহেঁচাৰ ঘটনা সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নৈনাৰ নগেন্দ্ৰনে ৰাজ্যৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনক ১২ টা প্ৰশ্ন সুধিছে। এই থেলাহেঁচাৰ ঘটনাত
नैनार नागेंद्रन


চেন্নাই, ০১ অক্টোবৰ (হি.স.)। তামিলনাডুৰ কাৰুৰত অভিনেতাৰ পৰা ৰাজনীতিবিদ হৈ পৰা বিজয়ৰ ৰেলীত হোৱা থেলাহেঁচাৰ ঘটনা সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি নৈনাৰ নগেন্দ্ৰনে ৰাজ্যৰ মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনক ১২ টা প্ৰশ্ন সুধিছে। এই থেলাহেঁচাৰ ঘটনাত ৪১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এশৰো অধিক লোক আহত হৈ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

বিজেপিৰ ৰাজ্যিক সভাপতি নৈনাৰ নগেন্দ্ৰনে তেওঁৰ এক্স পোষ্টত কয়, কালি আমি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সাংসদসহ বিজেপিয়ে গঠন কৰা এখন সমিতিৰ সৈতে মিলি কাৰুৰ ভয়াবহতাৰ বলি হোৱা লোকসকলৰ সৈতে সাক্ষাৎ কৰি কথা পাতিলোঁ। প্ৰতিজন ভুক্তভোগীৰ কণ্ঠই আমাৰ ওপৰত কি প্ৰভাৱ পেলাইছে সেয়া প্ৰকাশ কৰাটো অসম্ভৱ। এই বিষয়টোৰ ওপৰত সম্যক আলোচনা আৰু স্পষ্ট জ্ঞানৰ অন্তত মোৰ মনত যিবোৰ প্ৰশ্ন উত্থাপন কৰিছে, সেইবোৰ প্ৰশ্ন মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনৰ ওচৰত উত্থাপন কৰিব বিচাৰিছো।

নৈনাৰ নগেন্দ্ৰনে মুখ্যমন্ত্ৰী ষ্টেলিনক প্ৰশ্ন কৰে যে কিয় কাৰুৰ বাছ ষ্টেণ্ডৰ ঘূৰণীয়া পথটো কেৱল মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে সংৰক্ষিত, আন দলৰ বাবে নহয়। ভিডিঅ’ত দেখা গৈছে যে বিজয়ৰ ওপৰত জোতা নিক্ষেপ কৰা হৈছে আৰু তাত সমবেত শ্ৰমিকসকলে লাঠী চাৰ্জ কৰা দেখা গৈছে। আনকি কোনো কোনোৱে তেওঁক ছুৰীৰে আঘাত কৰা বুলিও দাবী কৰে। ইয়াৰ বাহিৰেও এই হুলস্থুলৰ কাৰণ কি? কিয় মুখ্যমন্ত্ৰী এম.কে. ষ্টেলিনে কেৱল কাৰুৰৰ প্ৰতি বিশেষ গুৰুত্ব দিছে? কল্লাকুৰিচিত অবৈধ সুৰাৰ দ্বাৰা নিহত লোকৰ মৃত্যু, ভেংগাইৱায়াল গোচৰ, মেৰিনা বিমান দুৰ্ঘটনা আৰু ২৫ জন হাৱালা অপাৰেটৰৰ মৃত্যুত তেওঁৰ হাত নাই?

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে প্ৰশ্ন কৰে যে, দ্ৰাবিদা মুনেত্ৰ কাঝাগম (ডিএমকে)ৰ দ্বাৰা পৰিচালিত আৱেগিক নাটকক লৈ সন্দেহ কৰা লাখ লাখ লোকৰ ভিতৰত মই এজন। এই ভয়াবহতাৰ পিছত ডিএমকে চৰকাৰে কিয় ইমান সোনকালে সত্য লুকুৱাই ৰাখিছিল? ২৫ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰু সাংবাদিক ফেলিক্সকে ধৰি চাৰিজনক গ্ৰেপ্তাৰ কৰি জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা সকলো প্ৰশ্ন আৰু সন্দেহ দূৰ কৰিবলৈ ডিএমকে চৰকাৰে কিয় ইমান খৰখেদা কৰিছে ?

তেওঁ আৰু মুখ্যমন্ত্রীক প্রশ্ন কৰে, বিজয়ক সমাৱেশৰ ভুল হিচাপ কৰা বুলি অভিযোগ উত্থাপন কৰা ডি এম কে চৰকাৰৰ আৰক্ষীয়ে ভিৰৰ আকাৰ সঠিকভাৱে অনুমান কৰাত ব্যর্থ হ'ল কিয়? যদি চৰকাৰে অনুভৱ কৰিছিল যে বিজয়ৰ পলমকৈ অহাৰ ফলত এক অশুভ কাণ্ডৰ সৃষ্টি হ'ব পাৰে, তেন্তে সভাখন কিয় বাতিল কৰা নাছিল? এইটো স্পষ্ট যে ভিৰ নিয়ন্ত্ৰণৰ বাবে নিয়োজিত আৰক্ষী জোৱানৰ সংখ্যা আছিল। অতি কম। প্ৰকৃততে কিমানজনক নিয়োজিত কৰা হৈছিল? চৰকাৰৰ প্ৰমাণিত অভাৱ সত্ত্বেও সেই জিলাৰ কোনো বিষয়াৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ল? কোনো লুকাই থকা তথ্য উন্মোচিত হ’ব বুলি তেওঁলোকে ভয় কৰেনে?

তদন্ত আয়োগৰ অধ্যক্ষই প্ৰতিবেদন দাখিল কৰাৰ পূৰ্বে ডি এম কেৰ আইন-শৃংখলাৰ ব্যৰ্থতাক ঢাকি ৰখা যেন লগা মন্তব্য কিয় কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে নৈনাৰ নগেন্দ্ৰনে। তদন্তৰ সময়ত ৰাজহ সচিবক ৰাজহুৱা বক্তব্য দিবলৈ কোনে কৰ্তৃত্ব দিছিল? ইয়াৰ ফলত তদন্তৰ নিৰপেক্ষতাক আপোচ কৰা নহয়নে? দক্ষ চৰকাৰী বিষয়াক ডি এম কেৰ পুতলা হিচাপে ব্যৱহাৰ কৰাটো উচিত নেকি? অজিত কুমাৰৰ লক-আপ হত্যাকাণ্ডৰ গোচৰ চিবিআইক গতাই দিয়া ডিএমকে চৰকাৰে এতিয়াও কিয় অনিচ্ছুক হৈ আছে কাৰুৰ গোচৰ চিবিআইক গতাই দিবলৈ?

নৈনাৰ নগেন্দ্ৰনে নিজৰ পোষ্টত উল্লেখ কৰিছে যে এই ট্ৰেজেডী যে ডি এম কে চৰকাৰৰ প্ৰশাসনিক ব্যৰ্থতাৰ ফল হৈছে তাত কোনো সন্দেহ নাই। গতিকে এক সদস্যৰ আয়োগৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আমি চিবিআইৰ তদন্তৰ দাবী জনাইছো। তেওঁ কয় যে তেওঁ আশা কৰে যে আপুনি (এম কে ষ্টেলিনে) এই অনুৰোধ বিবেচনা কৰি তামিলনাডুৰ জনসাধাৰণৰ হৈ কাম কৰিব। মই উত্থাপন কৰা প্ৰশ্নবোৰৰ উত্তৰ দিব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande