দ্বিতীয় বাৰৰ বাবে মাতৃ হ’ব সোণম কাপুৰ
বলীউডৰ অভিনেত্ৰী সোণম কাপুৰৰ গৰ্ভধাৰণৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনাম। খবৰ অনুসৰি সোণমে দ্বিতীয় সন্তানৰ আশা কৰিছে আৰু অতি সোনকালে এই ভাল খবৰটো স্বামী আনন্দ আহুজাৰ সৈতে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। ২০২২ চনৰ ২০ আগষ্টত সোণমে প্ৰথম পুত্ৰ ভায়ুক জন্ম দ
सोनम कपूर - फोटो सोर्स इंस्टाग्राम


বলীউডৰ অভিনেত্ৰী সোণম কাপুৰৰ গৰ্ভধাৰণৰ বাবে পুনৰবাৰ বাতৰিৰ শিৰোনাম। খবৰ অনুসৰি সোণমে দ্বিতীয় সন্তানৰ আশা কৰিছে আৰু অতি সোনকালে এই ভাল খবৰটো স্বামী আনন্দ আহুজাৰ সৈতে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। ২০২২ চনৰ ২০ আগষ্টত সোণমে প্ৰথম পুত্ৰ ভায়ুক জন্ম দিয়ে।এতিয়া প্ৰায় তিনি বছৰৰ পাছত দ্বিতীয় সন্তানক আদৰিবলৈ ওলাইছে।

খবৰ অনুসৰি, সোণম বৰ্তমান দ্বিতীয় ত্ৰৈমাসিকত আছে, আৰু পৰিয়ালৰ ভিতৰত বহুত উত্তেজনা আছে। সূত্ৰৰ পৰা জানিব পৰা মতে, সোনম আৰু আনন্দে সঠিক সময়ত এই খবৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব। ইফালে তেওঁলোকৰ অনুৰাগীসকল ইতিমধ্যে এই ভাল খবৰটোক লৈ অত্যন্ত উৎসাহিত হৈ পৰিছে।

প্ৰায় সাত বছৰ পূৰ্বে ২০১৮ চনৰ ১৮ মে’ত সোণম কাপুৰ আৰু আনন্দ আহুজাই বিবাহপাশত আবদ্ধ হয়। এটা ব্যক্তিগত অনুষ্ঠানত কেৱল পৰিয়াল আৰু ঘনিষ্ঠ আত্মীয়ইহে এই বিবাহত অংশগ্ৰহণ কৰে। ২০২২ চনত প্ৰথমবাৰৰ বাবে মাতৃ হোৱাৰ পিছত সোণমে চিনেমাৰ পৰা বিৰতি লৈ সম্পূৰ্ণৰূপে পুত্ৰ ভায়ুক ডাঙৰ-দীঘল কৰাত মনোনিৱেশ কৰে। অৱশ্যে ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছে আৰু প্ৰায়ে স্বামী আৰু পুত্ৰৰ সৈতে নিজৰ আভাস অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande