উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত পথ দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু
মুজাফ্ফৰনগৰ, ০১ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত বুধবাৰে পুৱা পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে এখন তীব্ৰবেগী গাড়ী সংঘৰ্ষৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি
घटना की जांच करते अधिकारी


মুজাফ্ফৰনগৰ, ০১ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাত বুধবাৰে পুৱা পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে এখন তীব্ৰবেগী গাড়ী সংঘৰ্ষৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হয় এজন লোক। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ বিষয়াসকলক সেই স্থানত উপস্থিত হৈ আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

মুজাফ্ফৰনগৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সঞ্জয় কুমাৰে উল্লেখ কৰে যে হাৰিয়ানাৰ কৰ্ণাল জিলাৰ ফৰিদপুৰ গাঁৱৰ বাসিন্দা মহেন্দ্ৰ জুনাইজাৰ শেহতীয়াকৈ মৃত্যু হৈছে। তেওঁৰ অস্হি বিসৰ্জন দিবলৈ তেওঁৰ পৰিয়ালে হৰিদ্বাৰলৈ যাত্ৰা কৰিছিল। মুজফ্ফৰনগৰ জিলাৰ তিতাভি থানা এলেকাৰ পানীপাট-খাটিমা পথৰ ত্ৰিদেৱ হোটেলৰ সমীপত পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় তেওঁ লোকৰ গাড়ীখন। এই দুৰ্ঘটনাত মহেন্দ্ৰৰ পুত্ৰ পীযুষ, মহেন্দ্ৰৰ পত্নী মহিনী, সুনীলৰ পত্নী অঞ্জু, ৰাজেন্দ্ৰৰ পত্নী বিন্নী আৰু পানীপাটৰ বাসিন্দা শিৱ নামৰ গাড়ী চালকজন নিহত হয়। আহত মহেন্দ্ৰৰ পুত্ৰ হাৰ্দিক। আটাইকেইজনেই হাৰিয়ানাৰ বাসিন্দা।

জিলা দণ্ডাধীশ আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ঘটনাস্থলী পৰিদৰ্শন কৰে। এছ এছ পিয়ে উল্লেখ কৰে যে আজি এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। পুৱা প্ৰায় ৭ বজাত ত্ৰিদেৱ হোটেলৰ সমীপতে এখন ট্ৰাক ৰখাই থোৱা আছিল। গাড়ীখনে সেই ট্ৰাকখনৰ সৈতে খুন্দা মাৰে। গাড়ীখনৰ টায়াৰ ফাটি যোৱা বুলি জানিব পৰা গৈছে। ট্ৰাকখন লৈ পলায়ন কৰে চালকজন।

এছ এছ পিয়ে উল্লেখ কৰে যে গোচৰ ৰুজু কৰা হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইটো স্পষ্টভাৱে গাফিলতি। পথৰ দাঁতিত যান-বাহন ৰখাই থোৱা নহয় তাৰ দায়িত্বও ধাবা অপাৰেটৰৰ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande