যোৰহাট, ০১ অক্টোবৰ (হি.স.)। অসম চৰকাৰ, যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট বাসিন্দাৰ সহযোগত যোৰহাট ষ্টেডিয়ামত প্ৰয়াত প্ৰখ্যাত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ১৩ দিনীয়া আদ্যশ্ৰাদ্ধ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা ৮ বজাৰ পৰা সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য, আৰু ৰাজহুৱা উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী বিমল বৰাই জুবিন গাৰ্গৰ অস্থি পাত্ৰত মাল্যাৰ্পণেৰে আৰম্ভ হয়।
এই উপলক্ষে অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, আৰু অসম নাট্য সন্মিলনকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিৰ লগতে বহু সংখ্যক জনসাধাৰণে প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
অসমীয়া সমাজৰ বুকুৰ প্ৰিয় শিল্পী জুবিন গাৰ্গে জীৱনৰ এক উল্লেখযোগ্য অংশ যোৰহাটত কটাইছিল। সেয়ে স্থানীয় ৰাইজে পুৱাৰে পৰা আৰম্ভ কৰিলে আৱেগিক শ্ৰদ্ধাঞ্জলি প্ৰদানেৰে অস্থিত পুস্পাঞ্জলি আগবঢ়ায়।
অনুষ্ঠানত আন্তঃধৰ্মীয় প্ৰাৰ্থনা, নাম-প্ৰসংগ, ভাগৱত আবৃত্তি, দিহানাম আদি অনুষ্ঠিত হয়। সন্ধিয়া মায়াবিনী গীতটিৰ দলীয় পৰিবেশনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ