মৰিগাও, ০১অক্টোবৰ (হি.স.)। শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত । সমান্তৰাল ভাৱে জাগীৰোডৰ জুবিন অনুৰাগী সকলেও জাগীৰোড পৰিদৰ্শন বঙলাৰ সমুখত অনুষ্ঠিত কৰে আদ্যশ্ৰাদ্ধ । এই উপলক্ষে জাগীৰোডৰ বিভিন্ন প্ৰান্তৰ সকলো ধৰ্ম, ভাষা ভাষী, জাতি জনগোষ্ঠীৰ লোকে লগ লাগি অনুষ্ঠিত কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা ।
শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰাৰ পিছতে সকলোৱে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে আৰু শ্ৰদ্ভাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে গীতা পাঠ, দিহা নাম, কোৰাণ পাঠ , ইস্কনৰ ভক্তৰ দ্বাৰা সংকীৰ্তনৰ লগতে শিখ, জৈন ধৰ্মাৱলম্বী লোক সকলে নিজ নিজ ধৰ্মীয় অনুষ্ঠান পৰিৱেশন কৰি জুবিন গাৰ্গলৈ শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰে ।
হিন্দুস্থান সমাচাৰ / Narayan Kar