শিৱসাগৰ, ০১অক্টোবৰ (হি.স.)। বিশ্বায়নৰ প্ৰভাবত বৰ্তমানৰ নব প্ৰজম্ম বিভিন্ন বেআইনী কাৰ্যকলাপত জৰিত হৈ পৰিছে। ড্ৰাগছৰ অবাধ প্ৰচলন, নাৰী জনিত অপৰাধ ইয়াৰ ভিতৰত অন্যতম। ডিমৌৰ উদয়পুৰত এক জঘন্য কাণ্ড সংঘটিত হয়। এগৰাকী কিশোৰীৰ ওপৰত যৌন আতিসহ্য়ৰ ঘটনা সংঘটিত হয়। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ ওপৰত যৌন আতিসহ্য চলোৱা হয় ।
ডিমৌ আৰক্ষীয়ে বৰ্তমান আটক কৰিছে ধৰ্ষণ কাণ্ডত অভিযুক্ত ৰজত হাজৰিকা নামৰ বিবাহিত ব্যক্তি জনক। পূৰ্বেও এক ধৰ্ষণ কাণ্ডত গ্ৰেপ্তাৰ হৈছিল ৰজত হাজৰিকা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা