সোণাপুৰৰ বেজেনীত বন্য হস্তীৰ কৰুণ মৃত্যু
সোণাপুৰৰ বেজেনীত বন্য হস্তীৰ কৰুণ মৃত্যু।
সোণাপুৰৰ বেজেনীত বন্য হস্তীৰ কৰুণ মৃত্যু।


সোণাপুৰৰ বেজেনীত বন্য হস্তীৰ কৰুণ মৃত্যু।


কামৰূপ, ০১ অক্টোবৰ (হি.স.)। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ বেজেনীত আজি বন্য হস্তী এটিৰ কৰুণ মৃত্যু হয়।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহি বিদ্যুৎ পৃষ্ট হৈ মৃত্যুক আকোঁৱালি ল'ব লগা হয় হাতীটোৱে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে খেতিপথাৰত কাঁইটীয়া তাঁৰৰ সীমাৰ বেৰত কোনো জীৱ জন্তু প্ৰৱেশ কৰিব নোৱাৰাকৈ বিদ্যুৎ সংযোগ কৰি ৰখা তাঁৰত লাগি ধৰিছিল হাতীটো । যাৰ প্ৰৰিপ্ৰেক্ষিটত নিশা হাটীটোৱে তেওঁৰ খেতিপথাৰৰত প্ৰৱেশ কৰিবলৈ লওঁতেই কাইটিয়া তাঁৰত লাগি বিদ্যুৎ পৃষ্ট হৈ কৰুণ মৃত্যুক আকোঁৱালি ল'ব লগা হয়।

উল্লেখ্য় যে অঞ্চলটোত প্ৰায়ে বন্য় হস্তীয়ে খেতি পথাৰৰ অনিষ্ট সাধন কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য়ৰ সুৰক্ষাৰ বাবেই প্ৰায়ে কোনো জীৱ জন্তু প্ৰৱেশ কৰিব নোৱাৰাকৈ বিদ্যুৎ সংযোগ তাঁৰ লগাই অহা হৈছে। ইপিনে বন্য হস্তীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে বন বিভাগৰ লোক ঘটনা স্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande