ধুবুৰী, ০১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত হয় দুজন যুৱক। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে সংকট জনক অৱস্থাত আহতদ্বয়ক উদ্ধাৰ কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য় যে গৌৰীপুৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। তীব্ৰবেগী বাহন (ছুইফট ডিজায়াৰ) আৰু বাইকৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো ঘটে । দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহন খনৰ নম্বৰ এএছ ০১ ইএইচ ৯৯৪৫ আৰু বাইক খনৰ নম্বৰ এএছ ১৮ এল ২৪০৯ বুলি জনা গৈছে। ঘটনা স্থলীত গৌৰীপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ