চাবুৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা
চাবুৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷
চাবুৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা


ডিব্ৰুগড়, ০১ অক্টোবৰ (হি.স.): ডিব্ৰুগড় জিলাৰ চাবুৱা চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱাকালি মঙলবাৰে সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুুৰ্ঘটনাত দুজন যুৱক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ৷ মটৰ চাইকেল আৰু মাৰুতি অ’লটো বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাতো ৷

দুৰ্ঘটনাতোত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত দুজন আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এগৰাকী মহিলা আৰক্ষীয়ে পৰিয়ালৰ শিশুৰ সৈতে ডিব্ৰুগড় পৰা তিনিচুকীয়া অভিমুখে গৈ থকা অৱস্থাত নম্বৰবিহীন কেটিএম মটৰচাইকেল খনে বিপৰীত দিশৰ পৰা অহা এএছ ২৩ এএইচ ৬৯৪৮ নম্বৰৰ বাহনখনত খুন্দা মৰাৰ ফলত সংঘটিত হয় ঘটনাটো। তিনি শিশুসহ মহিলা আৰক্ষী গৰাকীক সমীপৱৰ্তী মডেল হাস্পাতাললৈ নিয়া হয়।

দুৰ্ঘটনাতোত আঘাতপ্ৰাপ্ত হোৱা মটৰ চাইকেল আৰোহী দুজন পুলুঙা আমগুৰি গাৱঁৰ কৌশিক শ‌ইকীয়া আৰু উচ্চজিৎ শ‌ইকীয়া বুলি চিনাক্ত কৰা হৈছে । দুয়োজনকে চাবুৱা আৰক্ষী সহযোগত সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande