আৰ বি আইৰ ৫.৫% ৰেপো ৰেট অপৰিৱৰ্তিত, জিডিপি বৃদ্ধিৰ পূৰ্বানুমান
- আৰ বি আই-এ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে ৫.৫% নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ মুদ্ৰানীতি সমিতিৰ ৰেপো ৰেট ৫.৫%ত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে জিডিপি ৬.৮% বৃদ্ধিৰ
मौद्रिक नीति समिति की बैठक की जानकारी देते हुए संजय मल्‍होत्रा


- আৰ বি আই-এ ৰেপো ৰেট অপৰিৱৰ্তিত ৰাখিছে ৫.৫%

নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই)ৰ মুদ্ৰানীতি সমিতিৰ ৰেপো ৰেট ৫.৫%ত অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ বাবে জিডিপি ৬.৮% বৃদ্ধিৰ অনুমান কৰা হৈছে। এম পি চিৰ তিনিদিনীয়া দ্বিমাহেকীয়া পৰ্যালোচনা বৈঠকৰ অন্তত বুধবাৰে এই সিদ্ধান্ত ঘোষণা কৰে আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই।

ছয়জনীয়া এম পি চিৰ তিনিদিনীয়া বৈঠকত লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰি আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে, “এম পি চিয়ে সৰ্বসন্মতিক্ৰমে ৰেপ’ ৰেট ৫.৫ শতাংশ অপৰিৱৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে।” আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে, সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰ হ্ৰাস আৰু অন্যান্য ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৫-২৬ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি ২.৬ শতাংশ হোৱাৰ অনুমান কৰা হৈছে, যিটো পূৰ্বৰ অনুমান আছিল ৩.১ শতাংশ।

দ্বি-মাহেকীয়া মুদ্ৰানীতিৰ পৰ্যালোচনা দাখিল কৰি আৰ বি আইৰ গভৰ্ণৰগৰাকীয়ে কয় যে বিশ্বজনীন প্ৰত্যাহ্বানৰ মাজতো অনুকূল বাৰিষা আৰু অন্যান্য কাৰকৰ বাবে প্ৰথম ত্ৰৈমাসিকত অৰ্থনৈতিক বিকাশৰ উন্নতি হৈছে। মালহোত্ৰাই কয় যে অনুকূল বাৰিষা, কম মুদ্ৰাস্ফীতি আৰু মুদ্ৰা শিথিলতাই অৰ্থনৈতিক বৃদ্ধিৰ সম্ভাৱনা শক্তিশালী কৰি ৰাখে। তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষত ২০২৫-২৬ চনত বাস্তৱিক জিডিপি বৃদ্ধি ৬.৮ শতাংশ হোৱাৰ অনুমান কৰা হৈছে, যিটো পূৰ্বৰ অনুমান আছিল ৬.৫ শতাংশ।

মালহোত্ৰাই উল্লেখ কৰে যে জি এছ টি যুক্তিসংগতকৰণে মুদ্ৰাস্ফীতিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব, খৰচ আৰু বৃদ্ধি বৃদ্ধি কৰিব। তেওঁ লগতে কয় যে মুদ্ৰানীতিৰ স্থিতি নিৰপেক্ষ কৰি ৰখা হৈছে। অৰ্থাৎ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি নীতিগত হাৰ সালসলনি কৰাত কেন্দ্ৰীয় বেংকে নমনীয় হৈ থাকিব।

মন কৰিবলগীয়া যে এইটো একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰেপো হাৰ ৫.৫% অপৰিৱৰ্তিত ৰখা হৈছে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বেংকে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা জুন মাহলৈ পলিচি হাৰ ১% হ্ৰাস কৰিছিল। জুন মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.৫% কৰ্তন কৰা হৈছিল। ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো হাৰ ০.২৫%কৈ কৰ্তন কৰা হৈছিল। অৱশ্যে আগষ্টৰ মুদ্ৰানীতিৰ পৰ্যালোচনাত ৰেপো ৰেটৰ কোনো পৰিৱৰ্তন কৰা হোৱা নাছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande