নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ শতবাৰ্ষিকী উদযাপনত অংশগ্ৰহণ কৰিব । পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হ’ব এই অনুষ্ঠান। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে ডিজাইন কৰা স্মৃতিচাৰণ ডাক টিকট আৰু মুদ্ৰা মুকলি কৰিব, য’ত আৰ এছ এছৰ ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰা হ’ব। এইবাৰ বিজয়দশমীৰ পৰা ২০২৬ চনত বিজয়দশমীলৈকে শতবাৰ্ষিকী উদযাপন কৰিছে আৰ এছ এছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী মোদীয়ে সভাত ভাষণো দিব। ১৯২৫ চনত মহাৰাষ্ট্ৰৰ নাগপুৰত ড০ কেশৱ বলিৰাম হেডগেৱাৰে স্বেচ্ছাসেৱী ভিত্তিক সংগঠন হিচাপে আৰ এছ এছ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ লক্ষ্য হৈছে নাগৰিকৰ মাজত সাংস্কৃতিক সজাগতা, অনুশাসন, সেৱা, আৰু সামাজিক দায়বদ্ধতা বৃদ্ধি কৰা। শতবাৰ্ষিকী উদযাপনত আৰ এছ এছৰ ঐতিহাসিক সাফল্যক সন্মান জনোৱাই নহয়, ভাৰতৰ সাংস্কৃতিক যাত্ৰাত ইয়াৰ স্থায়ী অৱদান আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তাকো উজ্জ্বল কৰি তোলা হৈছে। আৰ এছ এছ হৈছে ৰাষ্ট্ৰীয় পুনৰ্গঠনৰ বাবে এক অনন্য, জনসাধাৰণৰ পুঁজিৰে চলি থকা আন্দোলন।
हिन्दुस्थान समाचार / অৰৱিন্দ