ফিলিপাইনছৰ ভূমিকম্পত প্ৰাণ নাশৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। দক্ষিণ-পূব এছিয়াৰ দেশখনত হোৱা এক শক্তিশালী ভূমিকম্পত ৬৯ জন লোকৰ প্ৰাণ হানিত ফিলিপাইনছৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক আৰু সংহতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে লিখিছে যে ফিলিপাইনছত হোৱা ভ
प्रधानमंत्री नरेन्द्र मोदी ने स्वदेशी 4जी स्टैक और 1 लाख स्वदेशी बीएसएनएल टावर्स का किया लोकार्पण


নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। দক্ষিণ-পূব এছিয়াৰ দেশখনত হোৱা এক শক্তিশালী ভূমিকম্পত ৬৯ জন লোকৰ প্ৰাণ হানিত ফিলিপাইনছৰ জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক আৰু সংহতি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে লিখিছে যে ফিলিপাইনছত হোৱা ভূমিকম্পৰ ফলত হোৱা প্ৰাণ হেৰুওৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ বিষয়ে জানিবলৈ পাই তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লিখিছে, মোৰ সমবেদনা আৰু প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়ালসমূহৰ সৈতে। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো। এই কঠিন সময়ত ভাৰতে ফিলিপাইনছৰ সৈতে সংহতিৰে থিয় দিছে।

ফিলিপাইনছৰ চেবু প্ৰদেশত মঙলবাৰে নিশা ৬.৯ ৰিখটাৰৰ তীব্ৰ ভূমিকম্পৰ ফলত কমেও ৬৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫০ জনতকৈ অধিক লোক আহত হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande