নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উপলক্ষে বুধবাৰে আয়োজন কৰা এক বিশেষ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ এছ এছৰ ১০০ বছৰীয়া যাত্ৰাক ত্যাগ, নিস্বাৰ্থ সেৱা আৰু ৰাষ্ট্ৰ-নিৰ্মাণৰ এক উল্লেখযোগ্য নিদৰ্শন বুলি অভিহিত কৰে। তেওঁ কয় যে বিজয়াদশমী উৎসৱটো অশুভৰ ওপৰত শুভৰ জয়ৰ প্ৰতীক, আৰু ১৯২৫ চনৰ আজিৰ দিনটোতে ড° কেশৱ বলিৰাম হেডগেৱাৰে আৰ এছ এছ প্ৰতিষ্ঠা কৰিছিল।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, আৰ এছ এছৰ প্ৰতিষ্ঠা কাকতলীয়া নহয় বৰঞ্চ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ এক সংগঠিত প্ৰচেষ্টা আছিল। ই আছিল ৰাষ্ট্ৰীয় চেতনাৰ এক পূণ্য অৱতাৰ। এই সুযোগতে দেশবাসীলৈ নৱৰাত্ৰি আৰু বিজয়দশমীৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰজন্মই আৰ এছ এছৰ শতবাৰ্ষিকীৰ দৰে এক উল্লেখযোগ্য অনুষ্ঠানৰ সাক্ষী হোৱাটো সৌভাগ্যৱান।
এই ঐতিহাসিক ক্ষণ উপলক্ষে ভাৰত চৰকাৰে এটা স্মাৰক ₹১০০ মুদ্ৰা আৰু এটা বিশেষ ডাক টিকট মুকলি কৰে। এই মুদ্ৰাটোৰ এফালে ৰাষ্ট্ৰীয় প্ৰতীক আৰু আনফালে ভাৰত মাতাৰ ভৱ্য প্ৰতিচ্ছবি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীন ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰত মাতাৰ প্ৰতিচ্ছবি কোনো মুদ্ৰাত ছপা হৈছে। ডাক টিকটটোত ১৯৬৩ চনত আৰ এছ এছৰ স্বেচ্ছাসেৱকসকলে প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰা সেই মুহূৰ্তটো চিত্ৰিত কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আৰ এছ এছে নিজৰ কৰ্মীসকলৰ অনুশাসন আৰু নিষ্ঠাৰ জৰিয়তে সমাজৰ প্ৰতিটো দিশ স্পৰ্শ কৰিছে। তেওঁ কয়, কৃষি, বিজ্ঞান, জনজাতীয় কল্যাণ, নাৰী সবলীকৰণ, সমাজসেৱা, বা শ্ৰমিকৰ কল্যাণ—আৰ এছ এছৰ মনোভাৱ প্ৰতিটো ক্ষেত্ৰতে প্ৰবাহিত হৈছে। আৰ এছ এছৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰ গঠন, আৰু নিত্য শাখা (দৈনিক সভা) ইয়াৰ কাৰ্য্যকলাপৰ ভেটি।
সকলো স্বেচ্ছাসেৱক আৰু তেওঁলোকৰ পৰিয়ালক স্মৰণ কৰি তেওঁ কয় যে লাখ লাখ কাৰ্যকৰ্তাই ৰাষ্ট্ৰীয় সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছে। পৰম পূজনীয় ড০ হেডগৱাৰক শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চিন্তাধাৰা আৰু সংকল্পই ভাৰতক এক নতুন যুগলৈ লৈ গ’ল।
প্ৰধানমন্ত্ৰীয়ে কয় যে আৰ এছ এছৰ শতবাৰ্ষিকীত আমি ৰাষ্ট্ৰ সেৱাৰ সংকল্প আৰু অধিক শক্তিশালী কৰিব লাগিব। তেওঁ সকলো দেশবাসীক সমাজ আৰু ৰাষ্ট্ৰীয় স্বাৰ্থক সৰ্বোচ্চ কৰি আগুৱাই যাবলৈ আহ্বান জনায়।
এই উপলক্ষে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সহ কাৰ্যৱাহ দত্তত্ৰেয় হোছাবালেই উল্লেখ কৰে যে সংঘৰ যাত্ৰাত বিজয়াদশমীৰ বিশেষ তাৎপৰ্য আছে, কিয়নো এই দিনটোত সংগঠনটোৰ প্ৰতিষ্ঠা হয়। তেওঁ উল্লেখ কৰে যে কাইলৈ বিজয়াদশমীৰ দিনা সংঘই ১০১ সংখ্যক বছৰত ভৰি দিবলৈ গৈ আছে, আৰু আগন্তুক সময়বোৰ ৰাষ্ট্ৰ-নিৰ্মাণৰ ক্ষেত্ৰত আৰু অধিক গুৰুত্বপূৰ্ণ হ’ব।
তেওঁ উল্লেখ কৰে যে সংঘৰ কাম কাৰো প্ৰতি প্ৰতিযোগিতা বা সঁহাৰি জনোৱা নহয়, বৰঞ্চ সমাজ আৰু ৰাষ্ট্ৰৰ সেৱা কৰাহে। সংঘৰ স্বেচ্ছাসেৱকসকল সামাজিক জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সক্ৰিয় আৰু দেশপ্ৰেম, সেৱা, আৰু অনুশাসনৰ এক শক্তিশালী প্ৰতীক হিচাপে কাম কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে কয় যে নাগপুৰত ড০ হেডগেৱাৰৰ উদ্যোগত আৰম্ভ হোৱা এই যাত্ৰা আজি বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক আৰু সামাজিক সংগঠন হিচাপে পৰিগণিত হৈছে। শেখাৱাটে কয় যে সংঘই ব্যক্তিগত বিকাশৰ জৰিয়তে সমাজ গঢ়ি তোলা, আৰু সমাজ নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ-নিৰ্মাণৰ মন্ত্ৰক আকোৱালি লৈ ভাৰতক এক নতুন দিশ দিছে।
তেওঁ কয়, সংঘই সমাজৰ প্ৰতিটো ক্ষেত্ৰতে কাম কৰি আহিছে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা আৰম্ভ কৰি সামাজিক চিন্তালৈকে সংঘৰ স্বেচ্ছাসেৱকসকল সদায় সন্মুখৰ লাইনত থাকে। সংঘই অনুশাসন আৰু ঐক্যৰে সমাজখনক একত্ৰিত কৰাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি আহিছে।
উল্লেখযোগ্য যে আৰএছএছৰ ১৯২৫ চনত বিজয়াদশমীৰ দিনা নাগপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। তেতিয়াৰ পৰা সংঘই সমাজৰ বিভিন্ন ক্ষেত্ৰত সক্ৰিয় হৈ আহিছে, আৰু স্বেচ্ছাসেৱকসকলৰ সেৱাৰ মনোভাৱে ইয়াক বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন হিচাপে গঢ়ি তুলিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ