তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাক ৰিজাৰ্ভ ক্লোজ
ধুবুৰী, ০১ অক্টোবৰ (হি.স.)। তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাক ৰিজাৰ্ভ ক্লোজ। কপিল বৰাই তিনিজন যুৱকক থানালৈ মাতি নি কৰিছিল নিৰ্মম প্ৰহাৰ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত হই যুৱক তিনিজন। গুৰুতৰভাবে আহত এজনৰ আজি মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি
তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাক ৰিজাৰ্ভ ক্লোজ


ধুবুৰী, ০১ অক্টোবৰ (হি.স.)। তামাৰহাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল বৰাক ৰিজাৰ্ভ ক্লোজ। কপিল বৰাই তিনিজন যুৱকক থানালৈ মাতি নি কৰিছিল নিৰ্মম প্ৰহাৰ। আৰক্ষীৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত হই যুৱক তিনিজন। গুৰুতৰভাবে আহত এজনৰ আজি মৃত্যুৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ উত্তেজনা। আৰক্ষীৰ আতিসহ্য়ৰ ফলতে যুৱক জনৰ মৃত্যু হোৱাৰ অভিযোগ তুলি অঞ্চলটোৰ ৰাইজে প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে। দোষি আৰক্ষী বিষয়া জনৰ শাস্তিৰ দাবীত অঞ্চলটোৰ ৰাইজে ৰাজ্য়ৰ আৰক্ষী সঞ্চালক প্ৰধান জনক অভিযোগ দাখিল কৰে। আৰক্ষী আতিসহ্য়ত নিহত যুৱক জনৰ পৰিয়ালক ক্ষতিপুৰণ প্ৰদানৰো দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।

আৰক্ষী সঞ্চালক প্ৰধানে বিষয়টোৰ তদন্ত কৰি মনোহৰ ৰায়ৰ মৃত্যুৰ অভিযোগত আৰক্ষী বিষয়া জনক ৰিজাৰ্ভ ক্লোজ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande