সংঘৰ শতবাৰ্ষিকীত গাডকাৰীৰ স্বেচ্ছাসেৱকসকলৰ অৱদানৰ প্ৰশংসা
নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত স্বেচ্ছাসেৱকসকলৰ অৱদানক প্ৰশংসা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। গডকাৰীয়ে কয় যে বিগত ১০০ বছৰত সংঘই জাতি প্ৰথমৰ মনোভাৱেৰে কাম কৰি লাখ লাখ স্বেচ্ছাস
नितिन गडकरी


নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকীত স্বেচ্ছাসেৱকসকলৰ অৱদানক প্ৰশংসা কৰিছে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে। গডকাৰীয়ে কয় যে বিগত ১০০ বছৰত সংঘই জাতি প্ৰথমৰ মনোভাৱেৰে কাম কৰি লাখ লাখ স্বেচ্ছাসেৱকৰ ওচৰত নিষ্ঠা আৰু ত্যাগৰ পথ দেখুৱাইছে।

বুধবাৰে এক এক্স-পোষ্টত গডকাৰীয়ে কয় যে মাতৃভূমিৰ সেৱাত নিয়োজিত বিশ্বৰ সৰ্ববৃহৎ স্বেচ্ছাসেৱী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই বিগত ১০০ বছৰে জাতি প্ৰথমৰ সংকল্পক জীৱনৰ উদ্দেশ্য হিচাপে লৈ জাতি-নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। এই ১০০ বছৰীয়া সময়ছোৱাত লাখ লাখ স্বেচ্ছাসেৱকক স্বাৰ্থৰ ওপৰত উঠি আৰু জাতিৰ প্ৰতি সমৰ্পণৰ মনোভাৱেৰে ত্যাগ আৰু নিষ্ঠাৰ পথ দেখুৱাইছে।

সংঘৰ শতবাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা বিশেষ ডাক টিকট আৰু স্মৃতি মুদ্ৰাৰ কথা উল্লেখ কৰি তেওঁ সকলো স্বেচ্ছাসেৱকলৈ শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে সংঘৰ শতবাৰ্ষিকী উপলক্ষে সাংস্কৃতিক মন্ত্ৰালয়ৰ এক কাৰ্যসূচীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে ডিজাইন কৰা ডাক টিকট আৰু ১০০ টকাৰ স্মৃতি মুদ্ৰা মুকলি কৰে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande