নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। মঙলবাৰটো জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ভাৰতীয় জেভেলিন নিক্ষেপকাৰীসকলৰ বাবে এটা দিন আছিল, য’ত তেওঁলোকে ইণ্ডিয়ান অইল নতুন দিল্লী ২০২৫ বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত এক তাৰকাময় প্ৰদৰ্শন আগবঢ়াইছিল।
প্ৰথমে সন্দীপ সঞ্জয় সৰগাৰ আৰু সন্দীপ চৌধাৰীয়ে ক্ৰমে এফ৪৪ শাখাত স্বৰ্ণ আৰু ৰূপৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ কিছু সময়ৰ পিছতে চুমিটে চেম্পিয়নশ্বিপৰ অভিলেখৰে এফ৬৪ শাখাত সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। মন কৰিবলগীয়া যে সোমবাৰে ৰিংকু আৰু সুন্দৰ সিং গুৰজাৰেও এফ৪৬ শাখাত সোণ আৰু ৰূপৰ পদক লাভ কৰে।
এফ ৬৪ প্ৰতিযোগিতা চলি থকাৰ সময়তে ষ্টেডিয়ামত উপস্থিত হয় টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা। খবৰটো বিয়পি পৰাৰ লগে লগে সংবাদ মাধ্যম আৰু দৰ্শকৰ মাজত এক উত্তেজনাৰ ঢৌৱে বিয়পি পৰিল। ষ্টেডিয়ামৰ সকলোৱে নীৰজক দেখি ৰোমাঞ্চিত হৈ পৰিল, পৰিৱেশটোও শক্তিৰে ভৰি পৰিল।
ভাৰতৰ প্ৰদৰ্শনক লৈ সুখ প্ৰকাশ কৰি নীৰজে বিশেষ আহ্বান জনায়। তেওঁ কয়, পেৰা এথলীটৰ বাবে জীৱনটো ইতিমধ্যে অতি কঠিন, তথাপিও তেওঁলোক এতিয়াও ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আছে। সঁচাকৈয়ে ই আচৰিত। অধিক লোকে আহি এই খেলুৱৈসকলৰ বাবে উল্লাস কৰা উচিত।
উদীয়মান তাৰকা শচীন যাদৱো ষ্টেণ্ডৰ পৰা সুমিতৰ খেল চাবলৈ উপস্থিত আছিল। নীৰজক শচীনৰ বিষয়ে সোধাত ২৭ বছৰীয়া খেলুৱৈগৰাকীয়ে কয়, তেওঁৰ বাবে মোৰ কোনো পৰামৰ্শ নাই। ইতিমধ্যে তেওঁ বহুত ভাল কাম কৰি আছে আৰু সফল হ'বলৈ কি লাগে সেয়া জানে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া