নতুন দিল্লী, ০১ অক্টোবৰ (হি.স.)। ৱাকফ সংশোধনী আইনৰ প্ৰতিবাদত অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডে পূৰ্বে নিৰ্ধাৰিত ৩ অক্টোবৰৰ ভাৰত বন্ধ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। হিন্দু ভাই-ভনীৰ ধৰ্মীয় উৎসৱৰ পৰিপ্ৰেক্ষিতত ব’ৰ্ডে এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰত বন্ধৰ নতুন তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ’ব বুলিও ব’ৰ্ডে উল্লেখ কৰে।
অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ মুখপাত্ৰ ড০ চৈয়দ কাছিম ৰছুল ইলিয়াছে উল্লেখ কৰে যে দেশৰ কিছুমান ৰাজ্যত একে তাৰিখতে আমাৰ দেশবাসীৰ ধৰ্মীয় উৎসৱ পালন কৰা হৈছে। ফলস্বৰূপে মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সভাপতি মৌলানা খালিদ ছাইফুল্লাহ ৰহমানীৰ অধ্যক্ষতাত ব’ৰ্ডৰ বিষয়াসকলৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত সৰ্বভাৰতীয় মুছলিম পাৰ্চনেল ল ব’ৰ্ডৰ সভাপতিৰ উপৰিও, সাধাৰণ সম্পাদক মৌলানা ফজলুৰ ৰহিম মুজাদ্দী, মুখপাত্ৰ তথা তহাফুজ-ই-আউকাফ অভিযানৰ ৰাষ্ট্ৰীয় আহ্বায়ক ড০ চৈয়দ কাছিম ৰছুল ইলিয়াছকে ধৰি ব’ৰ্ডৰ অন্যান্য বিষয়াসকল উপস্থিত থাকে।
সকলো পৰিস্থিতিৰ পৰ্যালোচনাৰ অন্তত ৩ অক্টোবৰত প্ৰস্তাৱিত ভাৰত বন্ধ পিছুৱাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। সেয়ে ৩ অক্টোবৰত ভাৰত বন্ধ স্থগিত ৰখা হৈছে। লগতে তেওঁ উল্লেখ কৰে যে ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰস্তাৱিত ভাৰত বন্ধৰ নতুন তাৰিখ শীঘ্ৰে ঘোষণা কৰা হ’ব। ৱাকফ সংশোধনী আইনৰ বিৰুদ্ধে ব’ৰ্ডৰ প্ৰতিবাদ পূৰ্বৰ দৰেই চলি থাকিব, আৰু সকলো কাৰ্যসূচী নিৰ্ধাৰিত অনুসৰি অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ