জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইল উদ্ধাৰ
গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে। ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক ১৪ দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি
जुबीन गर्ग। फाइल फोटो


গুৱাহাটী, ০১ অক্টোবৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰ কৰি তুলিছে অসম আৰক্ষীয়ে। ইতিমধ্যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক ১৪ দিনৰ চিআইডিৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীয়ে ব্যৱহাৰ কৰা মৱাইলটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে।

উল্লেখ্য যে গ্ৰেপ্তাৰ কৰাৰ পাছত হেণ্ডকাফ লগাই অসম আৰক্ষীয়ে চিআইডি কাৰ্যালয়লৈ লৈ আহে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক। সিদ্ধাৰ্থ শর্মাৰ পৰা জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইলটো। ম’বাইলৰ উপৰিও জুবিন গাৰ্গৰ আন কিছু সামগ্ৰীও উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা।

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ১৮/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে। বিএনএছৰ ১২টা ধাৰা সন্নিবিষ্ট কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। উল্লেখ্য যে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল শ্যামকানু মহন্তক। আনহাতে গুজৰাট আৰু ৰাজস্থানৰ সীমান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শর্মাক। আজি বুধবাৰে পুৱতি নিশা বিমানবন্দৰৰ পৰা পোনে পোনে চিজেএমৰ ঘৰলৈ নিয়া হৈছিল দুয়োকে। দুৰ্গা পূজাৰ বন্ধৰ বাবে আদালত বন্ধ থকাত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চিজেএমৰ ঘৰলৈ নিয়া হৈছিল।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande