বৰপেটা, ০১ অক্টোবৰ (হি.স.): বৰপেটা জিলাৰ মন্দিয়া সমষ্টিৰ অন্তৰ্গত কপোহা গাঁৱৰ চান চন্দ্ৰ দাস নামৰ লোকজনৰ একমাত্ৰ পুত্ৰ সন্তান নাৰায়ণ দাস নিৰদ্দেশ হৈ পৰিছে। যোৱা ২৬ ছেপ্টেম্বৰ তাৰিখৰ পৰা আজিলৈকে কোনো শুংসূত্ৰ পোৱা নাই কাঠ মিস্ত্ৰী নাৰায়ণ দাসৰ। যোৱা ২৬ ছেপ্টেম্বৰ পুৱা ১০ বজাত নিজ ঘৰত ভাত-পানী খাই বজাৰৰ পৰা আহো বুলি কৈ আজিলৈকে আৰু উভতি নাহিল কাঠ মিস্ত্ৰী নাৰায়ণ দাসে। কত গ'ল পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো খবৰ পোৱা নাই।
নাৰায়ণ দাসকক বিচাৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰাৰ পিছতো কোনো সন্ধান নাপালে আৰু বৰ্তমানলৈকে নাৰায়ণ দাসৰ মোৱাইলৰ ছুইচ অৱ আছে বুলি জনোৱাৰ লগতে অনুসন্ধান অব্যাহত ৰাখিছে পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকে জনোৱামতে কিছু পৰিমানে ঋণগ্ৰস্থ আছিল কাঠ মিস্ত্ৰী নাৰায়ণ দাস। ইতিমধ্যে বৰপেটা সদৰ থানাত নাৰায়ণ দাস নিৰদ্দেশ সম্পূৰ্কে অৱগত কৰিছে বুলি জানিব পৰা গৈছে। কোনোবা সদাশয় ৰাইজে যদি এই দৰিদ্ৰ কাঠ মিস্ত্ৰী নাৰায়ণ দাসৰ সন্ধান পায় তেতিয়াহ'লে বৰপেটা সদৰ থানা অথবা 60017 72408 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ