ধুবুৰী, ০১ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি সন্ধিয়া পূজা মণ্ডপে মণ্ডপে উপস্থিত হয় সাংসদ ৰকিবুল হুছেইন। প্ৰথমে গৌৰীপুৰ বিনামন্দীৰ পূজা মণ্ডপত উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। পুজা মণ্ডপত উপস্থিত হৈ সকলোৰে প্ৰিয় শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰে সাংসদগৰাকীয়ে । লগতে সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তক গ্ৰপ্তাৰ কৰাৰ ক্ষেত্ৰত লেহেমীয়া হোৱা বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।
ইফালে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্যই স্থিতি স্পষ্ট কৰা নাই বুলিও ব্যক্ত কৰে সাংসদ ৰকিবুল হুছেইনে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে অশান্তিপূৰ্ণ কথাকৈ আছে, আজি এটা কৈছে কালি আন এটা কথা কৈছে । আনহাতে পূজাৰ কাৰণে যদি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থক ছুটি দিয়া হয় তেন্তে সকলো অপৰাধীকে মুক্ত কৰি দিব লাগে বুলিও তাৎপৰ্যমূলক মন্তব্য আগবঢ়ায় সাংসদ গৰাকীয়ে । ইয়াৰ উপৰি দুৰ্গা পূজাৰ পিছতেই জুবিন গাৰ্গ সন্দৰ্ভত মুখ খুলিব বুলিও সাংসদ গৰাকীয়ে মন্তব্য কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ