ডিব্ৰুগড়, ০১অক্টোবৰ (হি.স.)। এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ'ল দুলীয়াজানৰ এটা পূজা মণ্ডপ । পূজা মণ্ডপত দেখা গ'ল জীৱন্ত প্ৰতিমা। প্ৰজাপিতা ব্ৰক্ষ্মকুমাৰী ঈশ্বৰীয়া বিশ্ববিদ্যালয়ৰ দুলীয়াজান কেন্দ্ৰৰ উদ্যোগত নিউ চেটেলমেণ্ট এৰিয়াত এইদৰে জীৱন্ত প্ৰতিমাৰে দূৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে ।
প্ৰিয় শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিচতেই প্ৰদৰ্শন কৰা হয় জীৱন্ত প্ৰতিমা। জীৱন্ত প্ৰতিমা চাবলৈ কেইবা শতাধিক ভক্তৰ আগমন হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা